Breaking

মুকালমুৱাৰ আৰক্ষীৰ জালত যুৱতী অপহৰণকাৰী৷অপহৃত যুৱতীৰ সন্ধানত আৰক্ষীৰ মাৰাথান অনুসন্ধান৷

0 2,058

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছি গাঁৱৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক অপহৰণ কৰি আৰক্ষীৰ জালত পৰিছে এটা অপহৰণকাৰী ৷ ঘটনাৰ বিৱৰীমতে বাকৰিকুছি গাঁৱৰ ২৫ বছৰীয়া এগৰাকী যুৱতীক একেখন গাঁৱৰে কাদেৰ আলী (২৮) নামৰ লম্পট যুৱকজনে নিজ গাঁৱৰ পৰা অপহৰণ কৰি লৈ যায় ৷ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ৷ মুকালমুৱা আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই যুৱতী গৰাকীক অপহৰণ কৰা অন্যতম অভিযুক্ত কাদেৰ আলীক আটক কৰিবলৈ সক্ষম হয় ৷ কালি নিশা মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটিয়ে কাদেৰ আলীক বাকৰিকুছিৰ নিজ গৃহৰ পৰা আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ কাদেৰ আলীক আটক কৰি আৰক্ষীয়ে মাৰাথান জেৰা চলোৱাত অপহৰণকাণ্ডত আন কে’বাজনো যুৱক জড়িত থকাৰ বিস্ফোৰক চিকাৰোক্তি প্ৰদান কৰে ৷ অদ্যপি অপহৃত যুৱতীগৰাকীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷  অপহৰণকাণ্ডটোত জড়িত থকা আন যুৱক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলেই আৰক্ষীয়ে যুৱতী গৰাকীৰ সন্ধান লাভ কৰিব বুলি আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷ ইপিনে ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত ২৫১/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাত গোচৰ ৰুজু কৰি ধৃত কাদেৰ আলীক নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷ অন্যহাতে অপহৰণকাণ্ডত জড়িত আন কেইজন আৰু অপহৃত যুৱতী গৰাকীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Leave A Reply