Breaking

কৰ’ণাত আক্ৰান্ত হৈ মৃত্য মুখত পৰিল উদীয়মান প্ৰতিভাশালী গায়িকা পাৰবিন পৰী।

0 702

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰতিভাৱান গায়িকা পাৰবীন পৰীয়ে। শনিবাৰে চিকিত্‍সাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে। উল্লেখ্য যে, কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰি আছিল কণ্ঠশিল্পীগৰাকীয়ে। কিন্তু হঠাত্‍ শাৰীৰিক ভাবে অসুস্থ হৈ পৰা পাৰবীনে অৱশেষত শনিবাৰে অকালতে মৃত্যুক সাৱটি লয়।

দুদিন পূৰ্বে পাৰবীন পৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃও বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ চিকিত্‍সাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ ইয়াৰ পূ্ৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু সংগীত পৰিচালিকা বিজয়লক্ষ্মী দাসে মৃত্যুক সাৱটি লৈছে। পাৰবীনৰ মৃত্যুত এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

Leave A Reply