Breaking

নাজিৰাত পেট্ৰল-ডিজেল,অত্যাৱশকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বিৰোধী দলপতি সহ যুৱ মহিলা কংগ্ৰেছ

0 1,524

ডিজেল আৰু নিত্য ব্যৱহাৰ্য  খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নাজিৰা নগৰৰ মাজমজীয়াৰ লাহটী  তেল ডিপু প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে অসম বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া সহ যুৱ আৰু মহিলা কংগ্ৰেছৰ অৰ্ধশতাধিক কৰ্মী । অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত নাজিৰা লাহটী তেল ডিপো প্ৰাংগণত পেট্ৰ’ল-ডিজেল,অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰক , বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় ,  বি জে পি গ’ বেগ আদি  চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে   উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , দুয়োখন ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় মৃদুল বৰগোঁহাই , আব্দুল ৰহমান , ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই , সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আৰফান আজম , মদন ৰয় , দিগন্ত সন্দিকৈ , আলতাফ হুছেইন আদিকে ধৰি ভালেকেইজন বিষয় – ববীয়া আৰু অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে  কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave A Reply