Breaking

অসম তথা ভাৰতৰ নাম জিলিকাবলৈ সাজু হৈছে মৰিগাঁৱৰ যুৱক যুৱতীয়ে

0 64

game হৈছে সফলতাৰ মাধ্যম । খেলৰ মাধ্যমেৰে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ লগতে অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ যুৱক -যুৱতী সকলে । তেনে সময়ত মৰিগাঁও তথা ৰাজ্যৰলৈ আহিল সু খৱৰ । মৰিগাঁও কাৰাটে এচছিয়েচনৰ প্ৰায় ৬ জনকৈ খেলুৱৈ ভাৰতৰ হৈ ইন্ডুনেছিয়াত খেলিবলৈ সুযোগ লাভ কৰা পৰিলক্ষিত হৈছে ।

খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মৰিগাঁও ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালযত খেলুৱৈ সকলক একোখনকৈ সম্বধনা পত্র আৰু এখন ফুলাম গামোচাৰে সন্মানিত কৰা দেখা যায় ।

উক্ত সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও OBC board ৰ অধ্যক্ষ শিৱাজী ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সভাপতি প্ৰবীন মেধী আৰু উপস্থিত থাকে আন আন বিষয়ববীয়াসকল ।

Leave A Reply