Breaking

আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত

0 208

COVID-19 মহামাৰী আৰু লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত গোৱালপাৰা ডাকঘৰৰ অন্তৰ্গত চাৰিশৰো অধিক শাখা ডাকঘৰৰ গ্ৰামীণ ডাক সেৱকসকল ঘৰে ঘৰে গৈ ডাক সেৱা প্ৰদান কৰিব। ডাকঘৰৰ দ্বাৰা উপলব্ধ  বিভিন্ন সঞ্চয় আঁচনিৰ টকাৰ লেনদেন, নতুন  একাউণ্ট খোলা, আই পি পি বি একাউণ্টত লেনদেন,   আধাৰ যুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱা,  ডাক জীৱন বীমা,  চিঠি পত্ৰ, পাৰ্চেল বুকিং তথা বিতৰণ ইত্যাদি সেৱা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহক ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ বিভাগে অত্যাৱশকীয় সেৱা হিচাপে চিহ্নিত কৰিছে।

আজি গোলকগঞ্জ উপ ডাকঘৰৰ অন্তৰ্গত একৈশটা    শাখা ডাকঘৰৰ গ্ৰামীণ ডাক সেৱকসকলে সাতচল্লিশখন গাওঁৰ প্ৰায় 575টা ঘৰত
সেৱা  প্ৰদান কৰে। গোৱালপাৰা ডাকঘৰৰ ডাক অধীক্ষক শ্ৰী দেবৰাজ শৈঠীদেৱে কাচখানা, দফৰপুৰ, বিছনদৈ আৰু ৰতিয়াদহ শাখা ডাকঘৰ পৰিদৰ্শন কৰি এই অভিযানৰ তদাৰক কৰাৰ লগতে গ্ৰাহক সকলৰ মাজত মাস্ক বিতৰণ কৰে।

Leave A Reply