Breaking

গৌৰৱ গগৈৰ হৈ টকা বিলাওঁতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি…

0 30

গৌৰৱ গগৈৰ হৈ টকা বিলাওতে ধৰা পৰিল যুৱ কংগ্ৰেছৰ সভাপতি।
মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স-ফ্লায়িং স্কোৱাডৰ তালাচী অভিযান।
চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈৰ বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ধন।

লোকসভা নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত সক্ৰিয় হৈ পৰিছে ষ্টেটিক ছাৰ্ভিলেন্স তথা ফ্লায়িং স্কোৱাডৰ দল। কালি চৰাইদেউ জিলাৰ মৰাণহাটত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডে তালাচী চলাই এখন বাহনৰ পৰা জব্দ কৰে ১ লাখ ৩০ হাজাৰ টকা। চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জনোৱা মতে, মৰাণহাট থানাৰ অন্তৰ্গত মৰাণহাট-সোণাৰি পথত মৰাণ নগৰ ৩ নং ৱাৰ্ডত তালাচী চলাই এখন AS-25 S-7089 নম্বৰৰ ইনোভা বাহনৰ পৰা জব্দ কৰে এই ধনখিনি। বাহনখন চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা মৰাণহাট বটামাৰা নিবাসী গকুল গগৈয়ে ভাৰাত লৈছিল বুলি চৰাইদেউ জিলা ষ্টেটিক ছাৰ্ভিলেন্স দলে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰে জানিব পৰা মতে, যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ টকা বিলাবলৈকে বাহনখনত এই ধনখিনি অনা হৈছিল। বাহনখনত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ পুস্তিকা, পষ্টাৰ, বেনাৰ আদি পোৱা গৈছে। ষ্টেটিক ছাৰ্ভিলেন্স দলে সম্প্ৰতি বাহনখন থানাত আনি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বাহনখনত ৩ জন লোক আছিল।

Leave A Reply