Breaking

নগাঁ‌ৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ-ছাত্ৰ পৰিষদ

0 48

শেহতীয়াভাৱে নগাঁ‌ও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত ধৰা পৰা চালানী মাছত ফৰ্মেলিন,কেডমিয়াম,আৰ্চেনিকৰ উপস্থিতিয়ে নগাঁ‌ওবাসীৰ লগতে সমগ্ৰ অসমবাসীক উদ্বিগ্ন কৰি তুলিছে।

এই সৰ্ন্দভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এক বিবৃতিযোগে জনাইছে ফৰ্মেলিনযুক্ত মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

ইতিপূৰ্বে যুৱ-ছাত্ৰ পৰিষদে এই সৰ্ন্দভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু তাৰ ফলশ্ৰুতিত এই অবৈধ কাৰবাৰ স্তিমিত হৈছিল; কিন্তু প্ৰশ্ন উঠে যে অসাধু চক্ৰই নিজৰ মুনাফা আদায়ৰ বাবে কেনেকৈ ট্ৰাকে ট্ৰাকে ফৰ্মেলিনযুক্ত মাছ নগাঁ‌ৱলৈ সৰবৰাহ কৰিব পাৰিছে? সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে ফৰ্মেলিনযুক্ত চালানী মাছৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ লগতে উক্ত ব্যৱসায়ৰ লগত জড়িত অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ নেতাদ্বয়ে দাবী জনায়।

লগতে এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে এই দৈনিক শ শ ট্ৰাকত আমদানি হোৱা মাছৰ গুণাগুণ নিৰূপণ সম্পৰ্কত নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে কাণষাৰ নথকাতো অতিকৈ ৰহস্যৰ বিষয়৷

বিষয়টো যিহেতু জনস্বাস্থ্যৰ লগত জড়িত সেয়ে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাওঁ জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি আজি দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷শীঘ্ৰে কাৰ্যকৰী ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ নকৰিলে এই অবৈধ ব্যৱসায় পৰিষদৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

স্মাৰকপত্ৰ প্ৰদান কৰোতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁ‌ও জিলা সমিতিৰ উপ সভাপতি প্ৰবাল শৰ্মা,যুটীয়া সম্পাদক ক্ৰমে হেমন্ত দাস আৰু দিব্যজিৎ হাজৰিকা,প্ৰচাৰ সম্পাদক দৰ্শন কাকতি,বিত্ত সম্পাদক দিপাংকৰ শৰ্মা আৰু জাতীয় শ্ৰমিক পৰিষদৰ সাধাৰণ সম্পাদক মোহন হাজৰিকা উপস্থিত থাকে৷

Leave A Reply