Breaking

বহি:ৰাজ্যলৈ যোৱাৰ পথত নিৰুদ্দেশ অসমৰ যুৱক৷ অন্ধ প্ৰদেশৰ কাটপতি ৰেল জংচন পোৱাৰ পূৰ্বেই ট্ৰেইনৰ পৰা নিৰুদ্দেশ ৰিতুপৰ্ণ গগৈ…

0 95

বহি: ৰাজ্যলৈ যোৱাৰ পথত অসমৰ যুৱক নিৰুদ্দেশ ৷ অন্ধ প্ৰদেশৰ কাটপতি ৰেল জংচন পোৱাৰ পূৰ্বেই ট্ৰেইনৰ পৰা নিৰুদ্দেশ ৰিতুপৰ্ণ গগৈ ৷ চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তগৰ্ত ভোগবাৰী গাঁৱৰ নিবাসী নিৰু গগৈৰ পুত্ৰ ৰিতুপৰ্ণ গগৈয়ে ১৬ জুনত অন্ধ প্ৰদেশৰ কাটপতিৰ চিতু নামৰ ঠাইলৈ কামৰ সুত্ৰে গৈছিল ৷ পূৰ্বে কাম কৰাৰ ঠাইলৈ গৈ থকাৰ অৱস্থাতে ট্ৰেইনৰ পৰা হঠাৎ নিৰুদ্দেশ হয় ৷

অন্ধ প্ৰদেশৰ কোনো এটা ৰেল জংচনৰ পৰাই সন্ধান নোহোৱা হৈ যায় ৷ লগৰ কেইজনে কোনো গম নোপোৱাকৈ আতৰি যোৱাৰ ফলত যুৱক জন সন্ধানহীন হৈ পৰে ৷ লগৰ কেইজন অন্ধ প্ৰদেশৰ কাটপতি ৰেল জংচন ত নমাৰ সময়ত ৰিতুপৰ্ণ গগৈক নাপাই আচৰিত হয় ৷ জংচনটোত বিচাৰ খোচাৰ কৰাৰ পাছত কোনো সন্ধান নোপোৱাত নিজা নিজা কামৰ ঠাইলৈ যায় ৷ ৩০ বছৰীয়া যুৱক জনৰ কোনো লোকে সন্ধান পালে 6281160336 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাটৰ অনুৰোধ জনাইছে ৷

চৰাইদেউৰ পৰা ৰূপামণি গগৈৰ প্ৰতিবেদন

Leave A Reply