Breaking

ভাৰত ভূটান সীমান্তৰ দৰঙ্গাৰ পৰা দহদিন ধৰি সন্ধানহীন যুৱক

0 1,548

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী  দৰঙ্গামেলাত থকা মেনকা চাহ বাগিচাৰ পৰা বিষ্ণু মগৰ নামৰ এজন উন্নৈশ বছৰীয়া যুৱক যোৱা ২৭ জুনৰ পৰা সন্ধান হীন হৈ আছে।
মেনকা চাহ বাগিচাৰ প্ৰয়াত  হৰকা বাহাদুৰ মগৰ আৰু শান্তি মগৰৰ  পুত্ৰ বিষ্ণু মগৰে যোৱা ২৭ জুনৰ নিশা কোনো অজ্ঞাত লোকৰ ফোন পাই ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা আজি পৰ্যন্ত সন্ধান হীন হৈ থকাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।প্ৰায় পাঁচ ফুট উচ্চতাৰ নীলা ৰঙৰ চাৰ্ট পৰিহিত বগা বৰণৰ বিষ্ণু মগৰ নামৰ যুৱকজনক বিচাৰি পৰিয়াল আৰু দল-সংগঠনৰ লোকে আত্মীয় তথা বিভিন্ন ঠাইত খা-খবৰ কৰে যদিও কোনো সন্ধান নোপোৱাত পিছদিনাই কুমাৰীকাটা আৰক্ষী চকীত জনায়‌‌ । ইফালে কুমাৰীকাটা আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত বিষ্ণুৰ কোনো শুংসূত্ৰ পোৱা নাই। কোনো লোকে যুৱক জনৰ সম্ভেদ লাভ কৰিলে 9401302971,8472007808 নম্বৰত তৎকালীন ভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল লগতে বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধনুষ মহালিয়ে।জিলা খনৰ হাতীগড় চাহ বাগিচাৰ ১০ নং লাইনৰ বাসিন্দা তথা বৰ্তমান শুক্লাইৰ ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত দেবেন কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আমদাৰা শুক্লাই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ উক্ত ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৯৪৩৫৮৯২২৭১ নম্বৰত যোগাযোগ কৰিবলৈ  অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Leave A Reply