Breaking

কোলাত বহি যুৱক-যুৱতীসকলৰ প্ৰতিবাদ, তাৰ পাছতেই বনালে কেৰেলা প্ৰশাসনে লিংগ নিৰপেক্ষ বাছ ষ্টেণ্ড

0 66

মেয়ৰে কয়, কেৰেলাত মহিলা আৰু পুৰুষৰ মাজত পাৰ্থক্য নাই। সকলো মানুহ মানুহ। কিন্তু কিছুমান নৈতিকতাবাদী আছে, যিসকল এতিয়াও প্ৰাচীন কালত জীয়াই আছে।

ল’ৰা-ছোৱালী একেলগে বহিব নোৱাৰে। স্থানীয় ৰাইজৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেৰেলাৰ তিৰুৱানন্তপুৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত থকা বাছ ষ্টেণ্ডৰ বহাৰ স্থান তিনিটা ভাগত বিভক্ত কৰা হয়। প্ৰতিবাদত মহিলা সহপাঠী সকলে পুৰুষ সহপাঠীৰ কোলাত বহিছিল। সেই ছবিখন দেশজুৰি ভাইৰেল হৈ পৰিছিল। অৱশেষত প্ৰশাসনে সেই বাছ ষ্টেণ্ডত বহিবলৈ নতুন ঠাই বনালে। মেয়ৰ আৰ্য এছ ৰাজেন্দ্ৰনে কয় যে লিংগ নিৰপেক্ষ আসনৰ সৃষ্টি কৰা হৈছে। বহাৰ ঠাই বনোৱাৰ ধৰণটো সঠিক নাছিল বুলিও কয় মেয়ৰগৰাকীয়ে।

তিৰুৱানন্তপুৰমৰ শ্ৰীকাৰাম চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখৰ বাছ ষ্টেণ্ডত ভিৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু বাছ ষ্টেণ্ডত বহাৰ ব্যৱস্থা ভাগ কৰা হৈছিল। এই ব্যৱস্থাৰ লক্ষ্য আছিল ল’ৰা-ছোৱালীক পৃথকে পৃথকে বহিবলৈ দিয়া। দুই এজন কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে। সেই আসনত ইজনে সিজনৰ কোলাত বহি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

সেই কোলাত বহি থকা ছাত্ৰ-ছাত্ৰীৰ ছবিখন ইণ্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে মেয়ৰগৰাকীয়ে বাছ ষ্টেণ্ডটো পৰিদৰ্শন কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে বেঞ্চসমূহক তিনিটা ভাগত বিভক্ত কৰা ধৰণটো উপযুক্ত নহয়। মেয়ৰৰ ভাষাত, “কেৰালাৰ দৰে প্ৰগতিশীল ৰাজ্যত এনে দৃষ্টিভংগী বেয়া লক্ষণ।”তাৰ পিছত তেওঁ বাছ ষ্টেণ্ডত বহাৰ ব্যৱস্থা পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

অৱশেষত সেই বাছ ষ্টেণ্ডত মাত্ৰ এখন বেঞ্চহে বনোৱা হৈছে। পুৰুষ আৰু মহিলা তাত কাষে কাষে বহিব পাৰে। মেয়ৰগৰাকীয়ে কয় যে কেৰেলাত পুৰুষ-মহিলাৰ মাজত বৈষম্য কৰা নহয়। সকলো মানুহ মানুহ। কিন্তু কিছুমান নীতি নিৰ্ধাৰক আছে যি এতিয়াও প্ৰাচীন কালত জীয়াই আছে।”

বাছ ষ্টেণ্ডত নতুনকৈ বহাৰ ঠাইৰ বাবে সেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো সুখী। প্ৰশাসনৰ এই পদক্ষেপক শলাগ লৈছে।

Leave A Reply