Breaking

প্ৰধান মন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ।মাজুলীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবদী কাৰ্যসূচী।

0 54

মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা যুৱ-ছাত্ৰ পৰিষদৰঃ বিকাশ শইকীয়া , উজনি-মাজুলীঃ ৫ ফেব্ৰুৱাৰীঃ
দ্বীপ জিলা মাজুলীত আজি পেট্ৰল ডিজেল আৰু অন্যান অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে বনগাঁও চাৰিআলিত ভাৰতৰ প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসুচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক সমালোচনা কৰি কয় যে,পৰিবৰ্তন, উন্নয়ণ আৰু চবকা সাথ সবকা বিকাশৰ কথা কোৱা এইখন চৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ লগত নাই।  কেৱল পুঁজিপতি কা সাথ চৰকাৰ | এহাতে হিতাধীকাৰী নিৰ্বাচন কৰি পেট্ৰল,ডিজেল আৰু অত্যাবশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জড়িয়তে ৰাইজকে শোষণ কৰিছে বুলি অভিযোগ তোলে। ৰাইজৰ ধন শোষন কৰি ৰাইজকে পুনৰ প্ৰদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচৰা এইখন চৰকাৰৰ দিনতে পেট্ৰলৰ মূল্য শতকৰ ঘৰ অতিক্ৰম আৰু ডিজেলৰ মূল্য শতক চোৱাৰ উপক্ৰম হৈছে। অন্যহাতেদি সৰ্বসাধাৰণৰ নিত্য ব্যৱহায্য সামগ্ৰী সমূহৰো মূল্য বৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে বুলি নেতা দুজনে উল্লেখ কৰে। আজিৰ কাৰ্যসুচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকাই কৃষকৰ সমস্যাও সমাধান কৰিব নোৱাৰা কৃষক বিৰোধী এইখন চৰকাৰে গণতান্ত্ৰীক আন্দোলনলৈ ভয় কৰে বুলি উল্লেখ কৰে। কেৱল ভয় ভাবুকি দমনেৰে হিতলাৰী শাসনৰ জড়িয়তে স্বজন তোষণ আৰু একনায়কত্ববাদ চলাইছে বুলি অভিযোগ কৰে। আজি পৰিষদৰ কৰ্মীসকলে ভাৰত চৰকাৰ হায় হায়,প্ৰধানমন্ত্ৰী হুচিয়াৰ,পেট্ৰলিয়াম মন্ত্ৰী,মুখ্যমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, নিয়ন্ত্ৰণ কৰক আদি শ্লো’গানেৰে প্ৰতিবাদ থলী উত্তাল কৰি তোলে। দক্ষিণপাট,পূৱ মাজুলী  আদি আঞ্চলিকৰ আৰু জিলা সমিতিৰ প্ৰায় অৰ্ধশতাধীক প্ৰতিবাদকাৰীয়ে কায্যসুচীত অংশগ্ৰহণ কৰি দুয়োখন চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰে।

Leave A Reply