Breaking

গৌৰীপুৰৰ শুপাৰীঘাটত ব্ৰাউন ছুগাৰ সহ যুৱকক আটক

0 1,069

নিচা জাতীয় সামগ্ৰীয়ে গ্ৰাস কৰিছে নৱপ্ৰজন্মক । যাৰ সুবিধা লৈ এচাম দুষ্টচক্ৰই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। গৌৰীপুৰৰ শুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাওঁৰক্ষী বাহিনী আৰু কাজিগাওঁ আৰক্ষীৰ যৌথ পহৰাত এজন যুৱকক সন্দেহযুক্ত ব্ৰাউন ছুগাৰ সহ আটক কৰিবলৈ সক্ষম হয়। অইন অইন দিনাৰ দৰে ৯ এপ্ৰিলৰ সন্ধিয়া আনুমানিক ৭ মান বজাত কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষী প্ৰবীণ চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু স্থানীয় তিনিটা গাওঁৰক্ষী বাহিনীয়ে নাগা চেকিং কৰি থকাৰ সময়ত মটৰ ছাইকেলত তিনি গৰাকী কৈ যুৱক আহি থকাৰ সময়ত আৰক্ষীক প্ৰত্যক্ষ কৰাৰ লগে লগে যুৱকৰ দলটোৱে দৌৰি পলাবলৈ চেষ্টা কৰে। পিছত আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীয়ে দৌৰি দৌৰি এজন যুৱকক আটক কৰে যদিও বাকী দুগৰাকী যুৱক পলাই যাব লৈ সক্ষম হয়।

ধৃত যুৱক জনৰ পৰা সন্দেহজনক ৯টা কন্টেনাৰৰ ভৰ্তি ব্ৰাউন ছুগাৰ লগতে এটা মোৱাইল হেণ্ডছেট জব্দ কৰি কাজিগাওঁ আৰক্ষী থানাত লৈ যায় বুলি গাওঁৰক্ষী বাহিনীৰ সম্পাদকে জানিবলৈ দিয়ে।

Leave A Reply