Breaking

মোনাবাৰী নৱনিৰ্মিত টোল গেটত উদণ্ড যুৱকৰ তাণ্ডৱ

0 62

নিশাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰীত একাংশ যুৱকৰ উদ্ভণ্ডালি আক্ৰমণত আহত হয় কেইবাজনো শ্ৰমিক।
জানিব পৰা মতে বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মোনাবাৰীত একাংশ যুৱকে মদ্যপান কৰি টোল গেটত কৰ্মৰত কৰ্মচাৰী তথা শ্ৰমিকক আক্ৰমণ কৰা ফলত কেইবাজনো শ্ৰমিক আহত হয়।


উল্লেখযোগ্য যে মোনাবাৰীত নিৰ্মাণ কাৰ্য চলি থকা টোল গেটত থকা কেইজনমান শ্ৰমিক তথা কৰ্মচাৰীক সোমবাৰে নিশা প্ৰায় ১২ মান বজাত কোনো কাৰণ নোহোৱাকৈ টোল গেটৰ কৰ্মচাৰী কেইজনক বিভিন্ন অশ্লীল ভাষাৰে গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে শ্ৰমিক কেইজনক আক্ৰমণ কৰে মদ্যপান কৰি অহা যুৱকৰ দলটোৱে।


অৱশ্যে ঘটনাৰ খবৰ পাই ঘটনা স্থলীত জিনজিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে।

Leave A Reply