Breaking

ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ইউটিউবাৰ বিবেক বিন্দ্ৰাৰ বিবাদ…

0 80

শেহতীয়াকৈ ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ সন্দীপ মহেশ্বৰীৰ সৈতে ভাৰতৰ আন এজন জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’ বিবেক বিন্দ্ৰা বিবাদত লিপ্ত হয় । সন্দীপে ইউটিউব চেনেলত ‘ডাঙৰ কেলেংকাৰী উন্মোচন’(BIG SCAM EXPOSED; By Sandeep Maheshwari) শীৰ্ষক এটা ভিডিঅ’ আপলোড কৰে। ব্যৱসায়ৰ নামত দেশৰ বহু যুৱকক প্ৰতাৰণা কৰা এজন ডাঙৰ ইউটিউবাৰৰ কথা ইংগিত দিয়ে। সন্দীপে কাৰো নাম উল্লেখ কৰা নাছিল, ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ এটা অংশৰ মতে, সেই ইউটিউবাৰজন আন কোনো নহয় বিবেক।

ভিডিঅ’টো আপলোড কৰাৰ পিছদিনা ছ’চিয়েল মিডিয়াত সন্দীপে এটা পোষ্ট কৰে। সেই পোষ্টটোত তেওঁ লিখিছে যে ইউটিউবৰ পৰা ‘বিগ কেলেংকাৰী উন্মোচিত’ ভিডিঅ’টো আঁতৰাবলৈ তেওঁৰ কৰ্মচাৰীসকলৰ ওপৰত হেঁচা সৃষ্টি হৈছে। এই কেলেংকাৰীত জড়িত ছাত্ৰ দুগৰাকীকো বক্তব্য সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। এদিন পিছত সন্দীপে ছ’চিয়েল মিডিয়াত আন এটা কমিউনিটি পোষ্ট কৰে। সেই পোষ্টটোত তেওঁ বিবেকৰ নাম পোনপটীয়াকৈ ৰাখিছিল। তেওঁ লিখিছে, “প্ৰিয় বিবেক, এফালে আপুনি আমাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি দিছে, আনফালে আপুনি বাৰে বাৰে আপোনাৰ সহযোগীসকলক মোৰ ঘৰলৈ পঠিয়াইছে। আপোনাৰ ভাবুকিবোৰত মই বেছি ভয় খাইছো বুলি ভাবিছানে?”

সন্দীপৰ পিছত বিবেকেও নিজৰ ইউটিউব চেনেলত এটা কমিউনিটি পোষ্ট কৰে। বিবেকে পোষ্টটোত লিখিছে, ‘আপুনি মোক আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল। য’ত মই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলোঁ। গতিকে মই আপোনাৰ অনুষ্ঠানত ঘূৰি আহি সকলো কথা মুকলিকৈ আলোচনা কৰিবলৈ সাজু। মই আপোনাক প্ৰত্যাহ্বান জনাইছো। কিন্তু সত্যৰ সন্মুখীন হ’বলৈ আপোনাৰ শক্তি আছেনে?”

বিবেক আৰু সন্দীপৰ বাকযুদ্ধই কাৰ্যতঃ ছ’চিয়েল মিডিয়াক দুটা ভাগত বিভক্ত কৰিলে। ইফালে বিবেক আকৌ বিপদত পৰিল। ইটোৰ পিছত সিটো তথ্য ফাদিল কৰিছে সন্দীপ মহেশ্বৰীয়ে।

আনহাতে বিবেক বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিবেকৰ দেউতাই ইতিমধ্যে নয়দাৰ এখন থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি বিবেকৰ ভায়েক বৈভৱ কোৱাত্ৰাই ইউটিউবাৰজন থকা নয়ডাৰ বিলাসী ফ্লেটত পত্নী য়ানিকাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। বৈভৱে দাবী কৰে যে কিছুদিন পূৰ্বে বিবেক আৰু তেওঁৰ মাকৰ মাজত তীব্ৰ কাজিয়া হৈছিল। য়ানিকাই হস্তক্ষেপ কৰিবলৈ যাওঁতে বিবেকে তাইক মাৰপিট কৰে। ভাতৃয়েও অভিযোগ কৰে যে এই প্ৰহাৰৰ ফলত য়ানিকাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মন কৰিবলগীয়া যে ডিচেম্বৰৰ আৰম্ভণিতে বিবেক আৰু য়ানিকাৰ বিয়া হৈছিল।

বিবেক ভাৰতৰ জনপ্ৰিয় ‘প্ৰেৰণামূলক বক্তা’। তেওঁৰ এটা ব্যৱসায়িক কোম্পানীও আছে। ব্যৱসায়িক ভিডিঅ’ আৰু প্ৰেৰণাদায়ক ভাষণ ভিডিঅ’ৰ বাবে ইউটিউব আৰু ছ’চিয়েল মিডিয়াত বিখ্যাত বিবেক। বহুতে বিবেকৰ ব্যৱসায়িক উপদেশ মানি চলে। ইউটিউবত বিবেকৰ ২ কোটিৰো অধিক চাবস্ক্ৰাইবাৰ আছে। ইউটিউবৰ পৰা বছৰি কোটি কোটি টকা উপাৰ্জন কৰে।

Leave A Reply