Breaking

‘যুৱ শক্তিয়ে দেশৰ ভৰষা ৷ যুৱ শক্তিৰ মাজতে আছে দেশৰ ভৱিষ্যত।’মৰিগাঁৱত জিলা পৰ্যায়ৰ যুৱ উৎসৱ ।

0 84

মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ যুৱ সমাৰোহ উদ্বোধন ।

“যুৱ শক্তিয়ে দেশৰ ভৰষা ৷ যুৱ শক্তিৰ মাজতে আছে দেশৰ ভৱিষ্যত। এখন উন্নত ৰাষ্টৰ বাবে প্ৰয়োজন এদল বিদ্যাবান , গুনবান , চৰিত্ৰবান যুৱক-যুৱতীৰ দল যিয়ে দেশক সকলো ক্ষেত্ৰতে নেতৃত্ব দিব পাৰিব ৷ যুৱ সমাজত গা কৰি উঠা হতাশা আৰু হিনমান্যতাৰ ধাৰণা আৰু জীৱনৰ আশা হেৰুৱাই জীৱনক শেষ কৰি দিয়া প্ৰবণতা বৰ্তমান যুৱ সমাজৰ এক সমস্যা” –এই বক্তব্যৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ঠ সাহিত্যিক থানেশ্বৰ মালাকাৰে আজি মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ যুৱ সমাৰোহ উদ্বোধন কৰে ৷ দিনজোৰা কাৰ্য্যসূচীৰে নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱে মৰিগাঁও শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালত আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশিসও শৰ্মা ৷ মুখ্য অতিথিৰ ভাসনত যুৱ শক্তিয়ে সকলো প্ৰত্যাহ্বান নেওচি এখন সুষ্ঠ , সবল সমাজ গঢ়িব বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাই লগতে এটি সুন্দৰ গল্পৰে কোনো বিপদ সংকুল পৰিবেশ আৰু সমালোচনাত বিচলিত নহৈ সাহসেৰে প্ৰতিটো মুহূৰ্তত নিজকে প্ৰস্তুত থাকিবলৈ যুৱ শক্তিক আহ্বান জনাই ।

সমাৰোহত সন্মানীয় অতিথি হিচাপে আন্তঃজাতিক মানৱ অধিকাৰ এম্বাচাদাৰ এচ’ছিয়েছনৰ সম্পাদক প্ৰধান ড. হৰেশ্বৰ শইকীয়া , অসম চৰকাৰৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত কুশল হাজৰিকা , নেহৰু যুৱ সংগঠনৰ অৱসৰপ্ৰাপ্ত উপ- সঞ্চালক তাপচ কুমাৰ প্ৰমানিক , মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধক্ষ্যা ডলি বুঢ়াগোহাঁই ,আন্তঃজাতিক আয়ুষ মেডিকেল এচ’ছিয়েচনৰ সুখেন্দু হালদাৰ , যুৱ নেতা অৰূপ জ্যোতি ডেকা আদি উপস্থিত থাকি ভাসন প্ৰদান কৰে ৷ দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত চিত্ৰাংকন , ফটোগ্ৰাফী , কবিতা লিখা , দলীয় নৃত্য আৰু বক্তিতা প্ৰতিযোগীতাত বিচাৰক হিচাপে মৰিগাঁও শিক্ষন মহাবিদ্যালয়ৰ প্ৰবক্তা ইমৰান উজ জামান সাহ , কলা শিক্ষক পাৰমিতা শৰ্মা , নৃত্য শিক্ষক কমল প্ৰিত কৌৰ , চিত্ৰাংকন প্ৰশিক্ষক কৃষ্ণ মুডক আৰু ভৈৰৱ মেধী , ৰাষ্ট্ৰীয় বঁটা বিজয়ী ফটোগ্ৰাফাৰ ৰাজীৱ দাস লগতে বিশিষ্ট ফটোগ্ৰাফাৰ কমল কৃষ্ণ দাস , ইন্দ্ৰনীল গায়ন , নৃত্য প্ৰশিক্ষক ধৰ্ম প্ৰসাদ কলিতা আৰু উদয় ভাস্কৰ , ৰেডিয়েন্স একাডেমীৰ অধ্যক্ষা নীভা কুমাৰী বৰা , মনহা চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা লীনা দেৱী , ৰাজ্যিক যুৱ বঁটা বিজয়ী দীপক বৰা আৰু ড. হৰেশ্বৰ শইকীয়া আদি উপস্থিত থাকি প্ৰতিযোগীতাসমূহ পৰিচালনা কৰে ৷ আৰোগ্য যোগ কেন্দ্ৰ ধীঙৰ দলীয় যোগ নৃত্য , সাংস্কৃতিক দলৰ তিৱা লোক নৃত্য , সত্ৰীয়া নৃত্য আৰু বিহু নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷ দলীয় লোক নৃত্য প্ৰতিযোগীতাত অনিল বৰা স্মৃতি যুৱ সংঘই প্ৰথম স্থান , ডাবাৰ ঘাট তিৱা লোক নৃত্য দলে দ্বিতীয় স্থান আৰু গছবাৰী বিহুনৃত্যদলে তৃতীয় স্থান ৷ চিত্ৰাংকন প্ৰতিযোগীতাত যথাক্ৰমে সপোৰ জ্যোতি সিনহা , চানিয়া চুলতানা আৰু বিকাশ পাতৰে প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰে ৷ ফটোগ্ৰাফী প্ৰতিযোগীতাত দেৱজিৎ শইকীয়াই প্ৰথম স্থান , উদীপ্ত শইকীয়াই দ্বিতীয় স্থান , চালমা বিলকিশে তৃতীয় স্থান , বক্তিতা প্ৰতিযোগীতাত অঞ্জলী দাসে প্ৰথম স্থান , ৰাজেশ ৰবি দাসে দ্বিতীয় স্থান আৰু পুৰৱী বৰঠাকুৰে তৃতীয় স্থান আৰু কবিতা লিখা প্ৰতিযোগীতাত সিদাৰ্থ আমফলী , প্ৰেৰণা বৰা আৰু পাৰ্থ প্ৰতিম গৌতমে যথাক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে উদ্দেশ্য ব্যাখ্যা কৰা যুৱ সমাৰোহ নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধণঞ্জয় তালুকদাৰৰ নেতৃত্বত উপস্থিত যুৱ প্ৰতিনিধিয়ে পৰিবেশন কৰা যুৱ গীতেৰে সফল সামৰণি পৰে ৷

Leave A Reply