Breaking

৫০ বছৰীয়া হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। জন্মস্থান যোৰহাটত অনুৰাগীয়ে আয়োজন কৰিছে জন্মদিনৰ বৰ্ণাঢ্য কাৰ্যসূচী।

0 224

কাইলৈ ১৮ নৱেম্বৰ । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন। প্ৰতিবছৰেই জুবিনৰ অসংখ্য গুণমুগ্ধই তেওঁৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰি আহিছে৷ এইবাৰো অনুৰাগীসকলে তেওঁৰ এই বিশেষ দিনটোক উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, জুবিন ফেন ক্লাবে যোৰহাটত জুবিনৰ জন্মদিনৰ বৃহৎ আয়োজন কৰিছে। অল আছাম জুবিন গাৰ্গ ফেন ক্লাবে ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব।

জন্মদিন উপলক্ষে জুবিন ফেন ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব। তেওঁ মঙলবাৰে অৰ্থাৎ ১৫ তাৰিখে যোৰহাটলৈ যায় আৰু ইতিমধ্যে যোৰহাটতেই আছে।

ফেন ক্লাবে জুবিনৰ ৫০তম জন্মদিনক তেওঁৰ সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা জন্মদিনৰ কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে কাটিব ৫০ পাউণ্ডৰ কেকটো।

ইয়াৰোপৰি, জন্মদিনৰ দিনা জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পাব। আগন্তুক ড০ বেজবৰুৱা ২ ছবিৰ এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে। নিজৰ জন্মদিনত এই নতুন গীতেৰে অনুৰাগীসকলক আগবঢ়াব  এক উপহাৰ।

Leave A Reply