Breaking

নগাঁৱত সীতাজখলাৰ বিপনী মুকলি অনুষ্ঠানত জুবিন গাৰ্গ

0 2,048

নগাঁও চহৰৰ ফৌজাদাৰপট্টিত সীতাজখলাৰ এখন বিপনী মুকলি কৰিবলৈ আজি নগাঁৱত  উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।সীতাজখলাৰ বিপনীখন মুকলি কৰি সংবাদমাধ্যমৰ আগত গাড়ীৰ হৰ্ণ লগোৱা প্ৰসংগত  এগৰাকী জনপ্ৰতিনিধিয়ে কৰা মন্তব্য সম্পৰ্কত কয় যে মিউজিক কেৱল ষ্টুডিঅৰ বাবেহে।গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱা অদ্ভুত কথা।যদি মিউজিক গাড়ীৰ হৰ্ণত বাজে আমি কি লগাম।যিজনে এই কথা কৈছে তেওঁই নিজৰ গাড়ীত সেই হৰ্ণ লগাওক। শিল্পী গৰাকীয়ে লগতে অসমৰ যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত জড়িত হোৱাৰ বাবে আহ্বান জনায়। নগাঁৱত এটি ভাল ছবি ঘৰ নিৰ্মানৰ বাবেও শিল্পী গৰাকীয়ে বিধায়ক তথা তেঁওৰ বন্ধু ৰূপক শৰ্মাৰ সৈতে পৰিকল্পনা কৰিছে বুলিও জনায়।

আনহাতে ছনী টিভিৰ ৰিয়েলিটি শ্ব’ কৌন বনেগা ক্ৰ’ড়পটিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ মামা প্ৰসংগই স্থান লাভ কৰা বিষয়ৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয়, “ছনী টিভিত মোৰ নাম বহুত আগতেই ওলাল।” ইপিনে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত জুবিনে কয়, “চৰকাৰখনৰ মতে চলক। অলপ ধৈৰ্য্য ধৰক। নৱেম্বৰৰ পৰা ভাল দিন আহিব। মই নিজেও বৃন্দাবন থিয়েটাৰৰ সৈতে জড়িত। কিন্তু এতিয়াও আমি অলপ ধৈৰ্য্য ধৰিব লাগিব।ইপিনে বিপনী খনৰ মুকলি অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ সৈতে উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে বিগত সময়ছোৱাত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমত এক নতুন বিপ্লৱৰ সূচনা কৰা সীতাজখলা সমবায় খনক শিল্পী জুবিন গাৰ্গে উৎসাহ যোগাই আহিছে। অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মোৰ বন্ধু তথা শিল্পী জুবিন গাৰ্গৰ এই প্ৰচেষ্টা সঁচাই আদৰণীয়।

Leave A Reply