Breaking

বিহুৰ অনুষ্ঠান বাদ দিব জুবিন গাৰ্গে

0 2,051

বিহুৰ অনুষ্ঠান বাদ দিব জুবিন গাৰ্গে।৫০ বছৰত ভৰি দিলেই জুবিন গাৰ্গে বাদ দিব বিহুৰ অনুষ্ঠান।

⬛মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে।

⬛বিহু মঞ্চত জনপ্ৰিয় শিল্পীগৰাকীয়ে গীত পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতে অনুৰাগীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

⬛অহা বৰ্ষৰ পৰা বিহু মঞ্চত গীত পৰিৱেশন সন্দৰ্ভত জুবিন গাৰ্গে কয়, “বিহুৰ ছিষ্টেমেই যদি সকলোৱে মিলি সলাব বিচাৰিছে তেন্তে সলাই দিয়ক।কিন্তু ইয়াৰ ফলত সমস্যা হ’ব শিল্পীসকলৰ।মই বিহুত ইমান আগ্ৰহী নহয়।অহা বছৰ মোৰ ৫০ বছৰ হ’ব।মই বিহু বন্ধ কৰি দিম।আৰু মই একো নকও…।”

⬛ৰাজ্যত চান্দা সংস্কৃতি বন্ধ কৰিবলৈ লোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply