Breaking

অসমৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ হ’ব! – আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং

0 84

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিং বুধবাৰে শিৱসাগৰত উপস্থিত হয়। ঐতিহাসিক জিলাখনত উপস্থিত হৈ সঞ্চালক প্ৰধান গৰাকীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জানিব পৰা মতে আইন , শান্তি শৃংখলা ৰক্ষাৰ সন্দৰ্ভত এই আলোচনাত মিলিত হয় সঞ্চালক প্ৰধান গৰাকীয়ে।

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে,’ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী বিষয়া সকলৰ সৈতে আইন-শৃংখলাজনিত এক পৰ্যালোচনা কৰা হৈছে। শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীয়ে নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা দেখিছোঁ। বিগত ছটা মাহে দুয়োখন জিলাৰ আৰক্ষীয়ে আইন শৃংখলাজনিত দিশ বিলাকক সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰি গ্ৰহণ কৰা পদক্ষেপ সন্তোষজনক’।

ইয়াতকৈ আৰু অধিক উন্নত পৰ্যায়লৈ আইন-শৃংখলা দিশ বিলাকক লৈ যাবলৈ দুয়োখন জিলাৰ আৰক্ষীক পৰামৰ্শ আগবঢ়োৱা হৈছে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে – সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ বাবে আবেদন কৰা হৈছে। যদি চৰকাৰৰ ফালৰ পৰা অনুমোদন হয় তেতিয়াহলে অহা ১ অক্টোবৰৰ পৰা অসম আৰক্ষী আৰু চি আৰ পি এফ লগলাগি চলি থকা অপাৰেশ্যন সমূহ চম্ভালি ল’বলৈ সাজু। এই ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি মন্তব্য কৰে জি পি সিঙে।

আনহাতে শিৱসাগৰ জিলাখনৰ লগতে ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধি পোৱা ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, কেৱল শিৱসাগৰ জিলাখনেই নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনতেই পূৰ্বতকৈ বৰ্তমান ড্ৰাগছৰ বেহা বন্ধ হৈছে। পূৰ্বতকৈ অধিক ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। সীমান্তয়েদি ড্ৰাগছৰ সৰবৰাহ যি ধৰণে চলি আছিল ইয়াকো বন্ধ কৰিবলৈ আৰক্ষী সক্ষম হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহৰ ওপৰতো নীৰিক্ষণ কৰি থকা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিখন জিলাতে পূৰ্বতকৈও বহু বেছি অভিযান চলি আছে। অসমৰ ৭২ হেজাৰ আৰক্ষীয়ে নিষ্ঠাৰে দায়িত্ব পালন কৰি অহাৰ ফলশ্ৰুতিত অসমত অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস হৈ অহা বুলিও সঞ্চালক গৰাকীয়ে উল্লেখ কৰে।


আনহাতে কাৰাবন্ধী তথা নিলম্বীত উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জি পি সিঙে। তেওঁ কয় যে, শুভলক্ষ্মী দত্তৰ ক্ষেত্ৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে আৰক্ষীয়ে শুভলক্ষ্মী দত্তক পলায়ন কৰিবলৈ সুযোগ দিয়া নাছিল। আৰক্ষীয়ে নিশাই এগৰাকী মহিলাক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে। এই ক্ষেত্ৰত আদালতৰ কিছুমান নীতি নিৰ্দেশনা আছে, যাক আৰক্ষীয়ে মানি চলিবলগীয়া হয়। আনহাতে বিতৰ্কিত উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে লোৱা ভূমিকাৰ জি পি সিঙে প্ৰশংসা কৰে। কিন্তু সাংবাদিকে জানিব বিচৰাৰ পিছতো বজালী কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কোনো মতামত দিয়াৰ পৰা বিৰত থাকে।

Leave A Reply