অসমৰ বান-সাহাৰ্য্যক ৰাজনীতি কৰণ নকৰিব, অন্যথা কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হবঃ আলফা(স্বাধীন)

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী বান-সাহাৰ্য্য কোনো ৰাজনৈতিক অনুগ্ৰহ নহয় ,ই জনসাধাৰণৰ প্ৰাপ্তিৰ অধিকাৰ। ঔপনৈৱেশিক ৰাষ্ট্ৰৰ অধীনস্থ অসমৰ পুতলা চৰকাৰখনে যি ধনেৰে দুৰ্যোগ পীড়িত লোকসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰচেষ্টা হাতত লৈছে,সেই ধনৰ মূল উৎস হৈছে জনসাধাৰণে দিয়া কৰ-কাতালৰ বুলি প্ৰকাশ কৰিছে সংযুক্তি মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা(স্বাধীন)য়ে । আজি আলফা (স্বাধীন)ৰ কেন্দ্ৰীয় সভাপতি জেনেৰেল পৰেশ অসম আৰু কেন্দ্ৰীয় প্ৰচাৰ বিভাগৰ সহ সম্পাদক২য় লেফটেনেন্ট অনুৰণন অসম স্বাক্ষৰিত এক প্ৰেছ বিবৃত্তি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰি আৰু প্ৰকাশ কৰিছে যে আলফা(স্বাধীন) সংগঠনৰ অনুৰোধ মৰ্মে দেশ বিদেশৰ বহু মানৱ দৰদী ব্যক্তি, সংগঠন আৰু প্ৰতিষ্ঠানেও দুৰ্যোগ পীড়িতসকলৰ সহায়ৰ উদ্দেশ্য চৰকাৰী সাহাৰ্য্য পুঁজিৰ উপৰিও বিভিন্ন মাধ্যমেৰে অনুদান আগবঢ়োৱা সাহাৰ্য্য কোনো ব্যক্তি, দল বা গোটৰ সম্পত্তি নহয়, ই সমগ্ৰ জনসাধাৰণৰ সম্পদ। গতিকে বান সাহাৰ্য্য বিতৰণত ৰাজনৈতিক পৰিচয়,দলীয় সমৰ্থন, জাতি, ধৰ্ম, ভাষা বা অন্য কোনো পক্ষপাতিত্বৰ স্থান থকাটো একেবাৰে অনুচিত বুলি প্ৰকাশ কৰি যদি কোনো ঠাইত দলীয় অনুগত্যৰ ভিত্তিত সাহাৰ্য্য বিতৰণ কৰা হয় বা কোনো দুৰ্গতক বঞ্চিত কৰা হয়, তেন্তে সেয়া ন্যায়,সমতা আৰু মানৱীকতাৰ মূল নীতিৰ পৰিপন্থী। কিন্তু থলগিৰী জাতিৰ এই সংকটৰ সময়ত একোটা বিশেষ ৰাজনৈতিক দলৰ দলীয় আনুগত্যতাক প্ৰাধান্য দিয়া দৃষ্টিগোচৰ হৈছে বুলি প্ৰকাশ কৰে।আৰু জাতিটোত এই মহাদুৰ্যোগৰ সময়ত এনে নিকৃষ্ট কাণ্ডৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় অন্যথা ইয়াৰ বিৰুদ্ধে আলফা(স্বাধীন) য়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে বুলি উক্ত আলফা(স্বাধীন)ৰ বিবৃতিটোত প্ৰকাশ কৰিছে।

Related Articles