Breaking

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশন…

0 2,060

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশনখন ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ২৬ জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ খানাপাৰাস্থিত সমিতিৰ মুখ্য কাৰ্যালয়ত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি সভাপতি ডাঃ নজৰুল কাজি আৰু সাধাৰণ সম্পাদক উপেন ভৰালীয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে।

উক্ত সভাত অসম উদ্যান সমিতিৰ প্ৰতিগৰাকী আজীৱন সদস্যকে উপযুক্ত পৰিচয় পত্ৰৰ সৈতে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে সভাত বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখন ভংগ কৰি পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ গঠন কৰা হ’ব বুলিও উল্লেখ কৰিছে। আনহাতে ১৮ আগষ্টত বিভিন্ন কাৰ্যসূচীৰে পুৱাৰে পৰা অসম উদ্যান সমিতিৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব বুলি সভাপতি-সম্পাদকদ্বয়ে প্ৰকাশ কৰিছে

Leave A Reply