Breaking

আকৌ গৰ্ভৱতী কৰীণা! পিতৃ হ’বলৈ ওলাইছে ছেইফ…

0 23,123

আলিয়াৰ পাছত এইবাৰ কৰীণা কাপুৰ গৰ্ভৱতী হোৱাৰ খবৰে গৰম কৰি তুলিছে বি-টাউনত। ছেইফ আলী খান পঞ্চম সন্তানৰ পিতৃ হ’বলৈ উলাইছে। শেহতীয়াকৈ, কৰীণাৰ ফেন ক্লাবে লণ্ডনৰ কৰীণা আৰু ছেইফৰ এখন ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। প্ৰশ্ন টো হ’ল, সেই ফটোখনত কি আছিল? ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানক এজন বিদেশী বন্ধুৰ সৈতে দেখা গৈছিল। চেইফে নীলা জিন্স আৰু ধূসৰ টি-চাৰ্ট পিন্ধি আছিল। কৰীণাই ট্ৰাউজাৰৰ সৈতে এটা ক’লা টপ পিন্ধিছিল। অৱশ্যে ইয়াক লৈ একো আচৰিত হব লগা নাছিল যদিও বিষয়টো নেটিজেনসকলে কিছু বেলেগ ধৰণে বিশ্লেষণ কৰিছে। 


দৰাচলতে, কৰীণাৰ বেবী বাম্পটো দেখি খুব স্পষ্টভাৱে বুজি পোৱা গৈছে যে, তেওঁৰ পেটৰ সামান্য অংশ ফুলি আছে। তেওঁ ক’লা পোছাক পিন্ধি আছে আৰু এইটো দেখি নেটিজেনসকলৰ মনত প্ৰশ্ন উত্থাপিত হৈছে, কৰীণা তৃতীয় সন্তানৰ মাতৃ হ’ব ওলাইছে নেকি? বহুতো মানুহে তেওঁক অভিনন্দন জনাইছিল। অৱশ্যে, নেটিজেনসকলৰ এটা অংশেও বিষয়টোক সমালোচনা কৰিছিল।
এজন নেটিজেনৰ ভাষাত, “নিজক স্বাস্থ্য কথা নাভাবি কৰীণাই অকল সন্তান জন্ম দিয়াৰ কথাহে ভাবিছে।  আন এজন নেটিজেনে ক’লে, “আকৌ গৰ্ভৱতী?” চৈফক বশ কৰা হৈছে নেকি!” বহুলোকে পুনৰ জনসংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁলোকক সমালোচনা কৰিছে। এজন নেটিজেনে লিখিছিল, “চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে প্ৰচাৰ চলাই আছে। আৰু আপুনি এনেধৰণৰ কাম কৰি আছে। সাধাৰণ মানুহে কি শিকিব?”

Leave A Reply