‘‘ড॰ ভূপেন হাজৰিকাক স্মৰণ কৰা মানে অসমীয়া জাতিৰ শিল্পী সত্তাটোক স্মৰণ কৰা বুজায়৷ ব্ৰহ্মপুত্ৰ আৰু গোমতী নদীয়ে কেৱল জলপ্ৰৱাহকেই কঢ়িয়াই ফুৰা নাই, এই নদী দুখনে উত্তৰ-পূব ভাৰতৰ সভ্যতা-সংস্কৃতিৰ সমন্বয়ৰ সজল ধাৰা এটিও কঢ়িয়াই লৈ ফুৰিছে ৷ এই দুই উপত্যকাত বসবাস কৰা জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক, আদান-প্ৰদান আৰু সহৱস্থানে এক ঐতিহ্য গঢ়ি তুলিছে৷’’ —অসম সাহিত্য সভাৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ-গোমতী গৱেষণা কেন্দ্ৰৰ সহযোগত আগৰতলা প্ৰেছ ক্লাৱত অনুষ্ঠিত সাহিত্য আৰু সাংস্কৃতিক সমাৰোহত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামীয়ে৷ ত্ৰিপুৰা অসম এছ’চিয়েচনৰ সদস্যাসকলৰ দ্বাৰা সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ পৰিৱেশিত হোৱাৰ পাছত অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানটি উদ্বোধন কৰি ত্ৰিপুৰা চৰকাৰৰ আই. টি. আই. বিভাগৰ সাংস্কৃতিক সমিতিৰ উপসভাপতি তথা ত্ৰিপুৰাৰ বিশিষ্ট ব্যক্তি সুব্ৰত চক্ৰৱৰ্তীয়ে কয় —‘‘ড॰ ভূপেন হাজৰিকা ত্ৰিপুৰাবাসী সকলোৰে প্ৰিয় ব্যক্তি ৷ এই গৰাকী ব্যক্তিক জন্ম শতবৰ্ষত আগৰতলাত সন্মান জনাবলে পোৱাটো ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কথা ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ত্ৰিপুৰা চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক অনিমেষ দেৱবাৰ্মাই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ডীন বিনোদ কুমাৰ মিশ্ৰ,সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু ত্ৰিপুৰা অসম এছ’চিয়েচনৰ সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি গোস্বামী আদিয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ বিষয়ে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে৷ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড॰ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা উল্লেখ কৰি কয় যে–‘‘অসম সাহিত্য সভাৰ এই অনুষ্ঠানৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত এটা বৌদ্ধিক, বিদ্যায়তনিক সমন্বয়-সম্ভাৱ বৃদ্ধি কৰাৰ বাবে এটি প্ৰচেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে৷ বানাক্ৰান্ত। অসম ৰাজ্যৰ প্ৰতিকুল অৱস্থাৰ মাজতে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অসম-ত্ৰিপুৰাৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ বিষয়ববীয়া, ত্ৰিপুৰাৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী আৰু বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে অংশগ্ৰহণ কৰে ৷
আগৰতলাৰ ব্ৰহ্মপুত্ৰ গোমতী গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ড॰ আশীষ কুমাৰ বৈদ্যই শলাগ জ্ঞাপন কৰাৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত শীলা দাসগুপ্তাৰ পৰিচালনাৰে সংগীত আৰতি সংগীত শিক্ষা কেন্দ্ৰৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়৷ সুজাতা চক্ৰবৰ্তীৰ পৰিচালনাৰে আৰধনা সংগীত চৰ্চা কেন্দ্ৰই অনুষ্ঠান পৰিৱেশন কৰাৰ পাছত নিৰঞ্জন অধিকাৰীয়ে কলা ভৱন, মৃন্ময়ী সামাজিক সাংস্কৃতিক সংস্থা, ৰেণুকা বৰাৰ নেতৃত্বত নৃত্য প্ৰদৰ্শন কৰা হয়৷ সুদীপ্ত শেখৰ মিশ্ৰ, শীলা দাসগুপ্ত, নন্দিতা সাহা, লনী বৰঠাকুৰ গোস্বামীয়ে সংগীত পৰিৱেশন কৰা সাংস্কৃতিক সন্ধিয়াত কবিতা পাঠ কৰে সুব্ৰত সাহা, কামনা দেৱ, শংকৰ সাহা, গোপা ৰয়, শিবানী ভট্টাচাৰ্য্য, সুচীত্ৰা দাস, শ্যামল বন্তি দে, মিনাক্ষী ভট্টাচাৰ্য্য, কাজল ৰেখা দত্ত, মনোৰঞ্জন দেৱবাৰ্মাৰ লগতে অসমৰ পৰা অংশগ্ৰহণ কৰা বিশিষ্ট কবিসকলে৷

