আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০ শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল

আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮৯.৮০%শতাংশৰে উজলিল গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰীৰ জাহিদ ইকবাল।গোসাইগাঁৱৰ ২ নং ছেৰফানগুৰী অঞ্চলৰ এজন মেধাৱী ছাত্ৰ জাহিদ ইকবালে নিজৰ কৃতিত্বৰে অঞ্চলটোক গৌৰৱান্বিত কৰিছে। Ajmal Senior Secondary Schoolৰ পৰা অনুষ্ঠিত HS পৰীক্ষাত তেওঁ ৮৯.৮০ শতাংশ নম্বৰ লাভ কৰি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰে।


জাহিদ ইকবাল হৈছে ২ নং ছেৰফানগুৰীৰ বাসিন্দা শাফিজুল হকৰ পুতেক। তেওঁৰ এই উল্লেখযোগ্য সাফল্যত পৰিয়ালৰ লগতে অঞ্চলবাসীৰ মাজত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। স্থানীয় ৰাইজে তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে অধিক সফলতা লাভ কৰাৰ কামনা প্ৰকাশ কৰিছে। জাহিদৰ এই সাফল্যই আন ছাত্ৰ-ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে শিক্ষাবিদসকলে।

Related Articles