Breaking

আৰম্ভ হ’ব এমৰেগাৰ কাম

0 211

গুৱাহাটী

গ্ৰাম্য এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক দৈনিক মজুৰিৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমৰেগাৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এমৰেগাৰ কাম বন্ধ হৈ আছিল৷ প্ৰতিটো ইচ্ছুক পৰিয়ালক এমৰেগাৰ অধীনত জব কাৰ্ড দিয়া হ’ব৷ উপযুক্ত ব্যক্তিক হাজিৰা ভিত্তিত মজুৰি প্ৰদান কৰা হ’ব৷ মন কৰিব লগা যে এমৰেগাত ৩৪,৩০৭টা পৰিয়ালৰ ৪৪,২৫১ জন লোকে এতিয়া কাম কৰি আছে৷ সম্প্ৰতি দৈনিক মজুৰি ২১৩ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইপিনে, লকডাউনৰ সময়ত আঁচনিৰ কাম সম্পন্ন কৰাৰ সময়ত চৰকাৰৰ নিয়ম অনুসৰি সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা, চাবোনেৰে ঘনাই হাত ধোৱা কৰিব লাগিব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে এই সন্দৰ্ভত আহ্বান জনাই কয়, অসমৰ বাহিৰৰ পৰা যিসকল লোক আহিছে আৰু কোনো কাম নোহোৱাকৈ আছে তেওঁলোকে জব কাৰ্ডৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ যোগেদি তৎকালে আবেদন কৰিব পাৰিব৷  ইতিমধ্যে বিভাগে নীতি নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে যিবোৰ পৰিয়ালে কামৰ বাবে ইচ্ছা কৰে তেওঁলোকে জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ লগতে মন্ত্ৰীজনে কয়, পিএমএৱাইজি হিতাধিকাৰীয়ে ৯৫ দিনৰ ভিতৰত নিজৰ ঘৰ সম্পূৰ্ণ কৰিব লাগিব৷ এমৰেগাৰ কাম আৰম্ভ হ’লে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ লোকসকলৰ লগতে ঘৰলৈ ঘুৰি অহা আৰু কৰ্ম সংস্থাপনহীনসকলক সাহায্যৰ দৰে ব্যৱস্থা দিয়া হ’ব৷ উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকক সহায় কৰিব৷ জল সংৰক্ষণ, জলসিঞ্চন, পথ মেৰামতি আৰু ব্যক্তিগত হিতাধিকাৰীৰ আঁচনিত এমৰেগাৰ কাম কৰা হ’ব৷ ইয়াৰ দ্বাৰা নিশ্চিতভাৱে দৰিদ্ৰসকলে জীৱন ধাৰণৰ সুবিধা পাব৷ ভালেসংখ্যক আঁচনিত কাম কৰা হ’ব৷ এই সংকতৰ সময়ত প্ৰত্যেক মজুৰিপ্ৰাপ্তই নিজকে নিযুক্ত কৰিব পাৰিব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধ্যক্ষ সচিব জে বি এক্কা, আয়ুক্ত হেমেন দাসে বিভাগৰ ক্ষেত্ৰ ভিত্তিক বিষয়াসকলক দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে আঁচনিবোৰ নিস্তাসহকাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়৷                                                                                                     (  2.News)       টিংখাঙত কণীযুক্ত মাছ ধৰি বিক্ৰীটিংখাং 
মীন আইন ভংগ কৰি ৰাজ্যখনত একাংশ লোকে ব্যাপকভাৱে কণীযুক্ত মাছ ধৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰাপ্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কেতবোৰ ঠাইত অসাধু লোকে কণীযুক্ত মাছ ধৰি বিক্ৰী কৰি অহা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে টিংখাঙৰ সমীপৱৰ্তী পানীবুৰা , কদমনি , গেলাদিচাং আদি গাঁৱত অসাধু লোকে দীৰ্ঘদিনধৰি কণীযুক্ত মাছ ধৰি আহিছে। এই অসাধুলোকসকলে মাছ ধৰি স্থানীয়ভাৱে বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। অসাধুলোকসকলে গৰৈ, মাগুৰ, শিঙি, পুঠি, শিঙৰা, মিছা আদিৰ লগতে দুই এটা বৰালি মাছ ধৰিবলৈ সক্ষম হয়৷ এই বিলাকৰ অধিক সংখ্যক মাছেই কণীযুক্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সমগ্ৰ জিলাখনত বৰ্তমান মাছ ধৰা কাৰ্যত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মাছৰ বিক্ৰী বন্ধ হৈ আছে। কিন্তু প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুওৱাই গোপনে অঞ্চলটোত অসাধুলোকে মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বৰ্তমান লকডাউনৰ সুযোগ লৈ মাছ ব্যৱসায়ীয়ে যথেষ্ট দামত বিক্ৰী কৰি বৃহৎ মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে। আনহাত দিচাং নৈৰ বুকুত দুস্কৃতিকাৰীয়ে কিছুদিনৰ পূৰ্বে বিষাক্ত দ্ৰব্য দি এক বৃহৎ পৰিমাণৰ মাছ ধৰা বুলি জানিব পৰা গৈছে। জিলাৰ সীমান্তৱৰ্তী নৈৰ বুকুত দৃস্কৃতিকাৰী এটা চক্ৰই সঘনে বিষাক্ত দ্ৰব্য দি মাছ ধৰি আহিছে। নৈখনত প্ৰায় প্ৰতি বছৰে খৰালিৰ সময়ছোৱাত দুস্কৃতিকাৰী চক্ৰটোৱে দৌৰাত্ম্য চলোৱাৰ বাবে মাছৰ শেহতীয়াভাৱে অতি উদ্বেকজনকভাৱে সংখ্যা হ্ৰাস পাই আহিছে। উল্লেখ্য যে নৈখনৰ উজনি অংশত অত্যাধিক পৰিমাণে বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি দুস্কৃতিকাৰী দলে ব্যাপকভাৱে মাছৰ নিধন কাৰ্য অব্যাহত ৰাখিছে। জানিব পৰা মতে নৈখনৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত অংশত যোৱা দুদিনত এক বৃহৎ পৰিমাণৰ কণীযুক্ত মাছ ধৰি বিক্ৰী কৰিছে৷

Leave A Reply