ইউৰোপত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ অন্যতম নেডাৰলেণ্ড

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেগত ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ নেদাৰলেণ্ডত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় প্ৰব্ৰজনকাৰী আৰু ভাৰতৰ বন্ধুসকলৰ এক বৃহৎ সমাৱেশে তেওঁক উষ্ম আদৰণি জনায়৷ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক জনোৱা উৎসাহী আৰু বৰ্ণিল আদৰণিৰ শলাগ লয়৷ তেওঁ ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক ডাচ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ভাৰত তথা নেদাৰলেণ্ডৰ মাজত বন্ধুত্বৰ সেতু হিচাপে কাম কৰাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ ভাৰতৰ সৈতে চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ গভীৰ তথা চিৰস্থায়ী ঐতিহাসিক সম্পৰ্কৰ কথাও স্মৰণ কৰে৷ তেওঁ লগতে তেওঁলোকৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষণ তথা উদ্‌যাপনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি খণ্ডত, বিশেষকৈ উদ্ভাৱনচালিত ক্ষেত্ৰত বৃহৎসংখ্যক ভাৰতীয় পেছাদাৰী থকাৰ লগতে ডাচ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে দুয়োখন দেশৰ মাজত অংশীদাৰিত্বৰ শক্তি বৃদ্ধি কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে ক্ৰীড়া ক্ষেত্ৰৰ সংযোগে বিশেষকৈ ক্ৰিকেট তথা হকীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কত নতুন সজীৱতা সৃষ্টি কৰাত অৰিহণা যোগাইছে৷ প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে নেদাৰলেণ্ডৰ সৈতে দ্বিপাক্ষিক সহযোগিতা ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে, প্ৰযুক্তি আৰু উদ্ভাৱনে মূল কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিছে৷ তেওঁ দুয়োখন দেশৰ মাজত শক্তিশালী তথা ক্ৰমবৰ্ধমান বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে নেদাৰলেণ্ড ইউৰোপৰ ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে ৷

লগতে অন্যতম আগশাৰীৰ বিনিয়োগ অংশীদাৰ হিচাপেও চিহ্নিত হৈছে৷ তেওঁ লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োপক্ষৰ বাবে নতুন সুযোগৰ দুৱাৰ অধিক মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন উন্নত দেশ- বিকশিত ভাৰত হোৱাৰ উদ্দেশ্যে ভাৰতত হৈ থকা বৃদ্ধি আৰু অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ আন্তঃগাঁথনি, উৎপাদন, স্বচ্ছ শক্তি আৰু ডিজিটেল ব্যৱস্থাৰ ব্যাপক উন্নতিৰ জৰিয়তে ভাৰতত চলি থকা পৰিৱৰ্তনৰ পৰিসৰ তথা গতিৰ কথা উল্লেখ কৰে৷ তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে আত্মবিশ্বাসেৰে নিজৰ ভৱিষ্যৎ গঢ়ি তুলিছে, একে সময়তে বিশ্বৰ বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে৷ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ভাৰত চৰকাৰে বহিঃদেশত বসবাস কৰি থকা প্ৰতিগৰাকী ভাৰতীয়ৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকৰ কল্যাণৰ প্ৰতি দায়বদ্ধ হৈ আছে৷ তেওঁ নেদাৰলেণ্ডত লাভ কৰা তেওঁলোকৰ অভিজ্ঞতাৰে বিকশিত ভাৰত যাত্ৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনায়৷ নেদাৰলেণ্ড হৈছে চুৰিনামি-হিন্দুস্তানী সম্প্ৰদায়ৰ প্ৰায় ২ লাখ সদস্যকে ধৰি মূল ইউৰোপৰ ভিতৰত সৰ্বাধিক ভাৰতীয় মূলৰ লোকৰ বাসস্থান৷ এই সন্দৰ্ভত তেওঁ চুৰিনামি-হিন্দুস্তানী প্ৰব্ৰজনকাৰীসকলৰ বাবে চতুৰ্থ প্ৰজন্মৰ পৰা ষষ্ঠ প্ৰজন্মলৈ অ’চিআইৰ যোগ্যতাৰ উদাৰীকৰণৰ বিষয়ত আলোকপাত কৰে৷

Related Articles