উচ্চতৰ মাধ্যমিক পৰীক্ষাত টিলাপাৰা ক্ৰীছেন্ট একাডেমীৰ ১০০% সফলতা। ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজ্যজুৰি আনন্দৰ জোৱাৰ দেখা গৈছে।
এই পৰিপ্ৰেক্ষিতত চাপৰ শিক্ষা খণ্ডৰ অন্তৰ্গত টিলাপাৰা ক্ৰীছেন্ট একাডেমীয়ে এইবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি অঞ্চলখনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ ১৬ জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ উৎকৃষ্ট ফলাফল দেখুৱাই চাৰি জনে ষ্টাৰ মাৰ্ক লাভ কৰাৰ লগতে ১০জন ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত আৰু ৬ ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। পোন প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ এই বৃহৎ সফলতাই বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ মান আৰু ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষা প্ৰদানেই স্পষ্ট কৰি তোলাৰ লগতে অঞ্চলটোত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিদ্যালয় খনে।
বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, শিক্ষকৰ কঠোৰ পৰিশ্ৰম, ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা আৰু অভিভাৱকৰ সহযোগিতাৰ ফলতেই এই সফলতা সম্ভৱ হৈছে। আগন্তুক দিনত অধিক উন্নত ফলাফল লাভৰ লক্ষ্যৰে বিদ্যালয়খন আগবাঢ়ি যাব বুলি তেওঁলোকে আশাবাদ ব্যক্ত কৰে। এই উল্লেখযোগ্য সফলতাই সমগ্ৰ অঞ্চলটোত আনন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে টিলাপাৰা ক্ৰীছেন্ট একাডেমীয়ে চাপৰ শিক্ষা খণ্ডলৈ এক গৌৰৱ কঢ়িয়াই আনিছে।

