Breaking

এটা বৰ্ষত ভৰি দিলে “শুশ্ৰূষা নিউৰ ৰিহেব” চেন্টাৰে…

0 2,082

গুৱাহাটী মহানগৰৰ, ৰুক্মিনী গাঁৱত অৱস্থিত ‘শুশ্ৰূষা নিউৰ ৰিহেব চেন্টাৰে’ বৃহস্পতিবাৰে সফলতাৰে এটা বছৰ অতিক্ৰম কৰে। সেই উপলক্ষে ‘শুশ্ৰূষা নিউৰ ৰিহেব চেন্টাৰত’ দিনযোৰা কাৰ্যসূচীৰে, উলহ-মালহেৰে উদযাপন কৰা হয় বৰ্ষপুৰ্তি অনুষ্ঠান। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দীতা গাৰ্লোচা, গুৱাহাটী মেডিকেল কলেজৰ ডা° মৃণাল ভূঞা আৰু যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাৰ লগতে উপস্থিত থাকে বহুতো বিশিষ্ট ব্যক্তি।

‘শুশ্ৰূষা নিউৰ ৰিহেব চেন্টাৰ’ এনে এটা অনুষ্ঠান যি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিউৰ ৰিহেব চেন্টাৰ, য’ত এজন মেডিকেলৰ পৰা অহা ৰোগীয়ে কেনেকৈ সুন্দৰ ভাৱে জীৱন যাপন কৰিব পাৰি তাক গুৰুত্ব দি চিকিৎসা সেৱা প্ৰদান কৰা হয়। পৰিচালন সঞ্চালক ডা° আব্দুল চাত্তাৰৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰা ‘শুশ্ৰূষা নিউৰ ৰিহেব চেন্টাৰে’ বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে বৃহস্পতিবাৰে সফলতাৰে এটা বছৰ অতিক্ৰম কৰাত অনুষ্ঠানটোৰ সৈতে জড়িত সকলো ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply