নগাঁও জিলা এবছুৰ উদ্যোগত অনুষ্ঠিত প্ৰথম উপেন্দ্ৰ নাথ ব্ৰহ্ম বঁটা – প্ৰতিভা সন্ধানী পৰীক্ষা ২০২৬ত সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা (1st Bodofa Upendranath Brahma Award) লাভ কৰিবলৈ সক্ষম হয় চামগুৰি আঞ্চলিক এবছুৰ অন্তৰ্গত বাঘবৰালী কছাৰী গাঁৱৰ ছাত্ৰ যুগল কুমাৰ বড়ো।বিস্ৰাম বড়ো আৰু ৰিবি দৈমাৰী বড়োৰ পুত্ৰ তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ যুগল কুমাৰ বড়োৱে মুঠ ১০০ নম্বৰৰ ভিতৰত ৮৮ নম্বৰ লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷
এই সফলতা লাভ কৰাৰ পিছতেই প্ৰথম উপেন্দ্ৰ নাথ ব্ৰহ্ম বঁটা পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ মুখ্য মদন বড়ো, সমিতিৰ সদস্য কঞ্চন বসুমতাৰী আৰু জয় কুমাৰ বসুমতাৰী, নগাঁও জিলা এবছুৰ সভাপতি গুপ্ত এছ. বড়ো, সাধাৰণ সম্পাদক প্ৰাণ স্বৰ্গীয়াৰী, প্ৰাক্তন সভাপতি অমৃত খাখলাৰী, সাহিত্য সম্পাদক দীপজ্যোতি দৈমাৰী, চামগুৰি আঞ্চলিক এবছুৰ সভাপতি শচীন দৈমাৰী আৰু কঠিয়াতলী আঞ্চলিকৰ সভাপতি বিপুল বৰ্মনে নিশা ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জনায়।এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ জিলাভিত্তিক এই সফলতা সঁচাকৈয়ে প্ৰশংসনীয়। এই সফলতাই জিলাখনৰ আন ছাত্ৰ-ছাত্ৰীসকলকো প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। নগাঁও জিলা এবছুৰ তৰফৰ পৰা কৃতী ছাত্ৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰা হয়।

