কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি

কটন বিশ্ববিদ্যালয়ত ২২ আৰু ২৩ মে’ত দুদিনীয়াকৈ আয়োজিত “সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬”ৰ সফল সামৰণি পৰে।কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন ড০ টালিমেৰেন আও ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত ৰাজ্যৰ প্ৰায় ৬০খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা অহা প্ৰায় ৩০০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। কিয়োৰুগি শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া অংকুৰ ভৰালী।

বিশেষ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম টাইকোৱানডো প্ৰতিযোগিতাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া আৰু অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু পঞ্জীয়ক ড০ হীৰেণ ডেকা। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ গৌতম শৰ্মাই আঁত ধৰা সামৰণি, বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ প্ৰশান্ত শৰ্মা আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ গুণেন্দ্ৰ চন্দ্ৰ দাস । অনুষ্ঠানটোত কুৰিগৰাকী টাইকোৱানডো খেল পৰিচালক আৰু বিচাৰকক সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱানডো প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু দ্বিতীয় শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে কটন বিশ্ববিদ্যালয় বিবেচিত হয় । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই কটন বিশ্ববিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ড০ কুলেন দাসে।

Related Articles