Breaking

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ৩ মে’ত পাথৰিঘাটত সম্বৰ্ধনা আয়োজন

0 65

অজয় ডেকা, মঙলদৈ

 মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক,স্বাস্থ্যকৰ্মী আৰু আৰক্ষীক ৩ মে’ৰ দিনৰ ১০.৩০ বজাত পাথৰিঘাট আৰক্ষী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছে৷ ক’ৰ’ণাই বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সৰ্বজনবিদিত৷ এই যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি ৰাইজক  সজাগ, সচেতনৰ বাবে স্বাস্থ্য কৰ্মী, সাংবাদিক আৰু আৰক্ষীয়ে লোৱা অগ্ৰণী ভূমিকা আদৰণীয়৷ সেয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধত যুদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰঙৰ দেওঁমৰনৈ সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক তথা স্বাস্থ্য বিষয়া ডাঃ কমলা কান্ত শৰ্মা, দুনী আদৰ্শ চিকিৎসালয়ৰ জ্যেষ্ঠ আৰু স্বাস্থ্য বিষয়া ডাঃ নিপন দাস পাথৰিঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰবন্ধক ৰিপুঞ্জয় শইকীয়া,পাথৰিঘাটৰ সাংবাদিক জয়ন্ত কাকতি, দৰঙৰ সাংবাদিক জয়দেৱ ডেকা, পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা, পাথৰিঘাট আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনীৰ সহকাৰী সম্পাদক যাদৱ ভূঞা আৰু নিজ সৰাবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰুণু বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি প’ৰ্টেলটোৰ মুখ্য সম্পাদক দ্বীপেন ডেকাই জনাইছে৷ উক্ত অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি উপস্থিত থাকিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷

Leave A Reply