ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূৰ্বাঞ্চল।
গ্লাছগ’ৰ ৰেস্তোঁৰাৰ নেপকিনত ভাৰতৰ এখন অসম্পূৰ্ণ মানচিত্ৰ।
কমনৱেলথ গেমছ চলি থকাৰ মাজতে গ্লাছগ’ৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ভাৰতৰ মানচিত্ৰক লৈ বিতৰ্কৰ সৃষ্টি।
অসম্পূৰ্ণ মানচিত্ৰ চকুত পৰাৰ লগে লগে অভিযোগ কৰিলে অসম কন্যা তাৰকা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে।
গ্লাছগ’ কমনৱেলথ গেমছৰ পিছত ভাৰতীয় দলৰ সদস্যক নিশাৰ আহাৰ গ্ৰহণৰ বাবে জনোৱা হৈছিল আমন্ত্ৰণ।
Mister Singh’s India ৰেস্তোঁৰাখনৰ নেপকিনত ছপোৱা হৈছে ভাৰতৰ এখন অসম্পূৰ্ণ মানচিত্ৰ।
ভাৰতৰ প্ৰতিটো অংশই গুৰুত্বপূৰ্ণ আৰু ইয়াক প্ৰতিনিধিত্ব কৰা উচিত বুলি মন্তব্য লাভলীনা বৰগোহাঁইৰ।

