কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি স্কেটিং চেম্পিয়নশ্বিপত সোণ, ৰূপ আৰু ব্ৰঞ্জ লাভ অসমৰ।
অসমে ১টা সোণ, ২টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ১২ৰ পৰা ১৫ জুনলৈ ভাৰতীয় ৰ’লাৰ স্কেটিং ফেডাৰচনৰ সহযোগত পশ্চিমবংগ ৰ’লাৰ স্কেটিং সংস্হাৰ উদ্যোগত বিধান শিশু উদ্যানত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসম ৰ’লাৰ স্কেটিং সংস্হাৰ ৮ গৰাকী স্কেটাৰে অংশগ্ৰহণ কৰিছিল।
অসমৰ মহম্মদ জিয়ানে ৬-৮ বয়সৰ শাখাত এটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জ অৰ্জন কৰাৰ বিপৰীতে দৰ্শনা প্ৰিয়ম হালৈয়ে ১৮ বছৰ উৰ্ধত ১টা ৰুপ আৰু ১টা ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হয়।

