কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰৰ NASA ভ্ৰমণৰ সুবিধা। কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ এগৰাকী ছাত্ৰ উজলিল সৰ্বভাৰতীয় স্তৰত। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীত অধ্যয়ণৰত জোনাক জ্যোতি বৰদলৈ নামৰ ছাত্ৰজনে লাভ কৰিছে NASA। কলিয়াবৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈয়ে কঠিন প্ৰতিযোগিতাৰে লাভ কৰিছে NASA ভ্ৰমণৰ সুবিধা। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত জোনাকজ্যোতিয়ে যাত্ৰা কৰিব NASAলৈ।
কলিয়াবৰৰ ব্যক্তিগত খণ্ডৰ অন্যতম বিদ্যালয় কলিয়াবৰ গুৰুকুলৰ লগতে কলিয়াবৰবাসী বাবে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই। নলতলি, আৰিমৰাস্থিত কলিয়াবৰ গুৰুকুলৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা – ২০২৬ (ISSC 2026)ৰ বিভিন্ন পৰ্যায়ত সফলতা অৰ্জন কৰি নাছা ভ্ৰমণ কৰাৰ অবিশ্বাস্য সুযোগ লাভ কৰা লগতে প্ৰখ্যাত মহাকাশচাৰী ড০ ডন থমাছক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছে। কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি থকা আগ্ৰহৰ ফলত লাভ কৰা এই সাফল্যত বিদ্যালয় কৰ্তৃপক্ষ অতিশয় গৌৰৱান্বিত হোৱাৰ লগতে জোনাকলৈ তৰাৰ ৰাজ্যলৈ আগুৱাই যোৱাৰ এক সুন্দৰ যাত্ৰা বাবে শুভ কামনা জনায়।

