Breaking

কেনে ৰূপত দেখা গৈছে আমাৰ মৰমৰ গ্ৰহটোক? মঙল গ্ৰহৰ পৰা পৃথিৱীৰ ছবি তুলিলে নাছাৰ কিউৰিঅ’চিটি ৰোভাৰে…

0 2,354

ৰঙা গ্ৰহ মঙললৈ মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা  কিউৰিঅ’চিটি ৰোভাৰ যান খনে শেহতীয়াকৈ মঙল গ্ৰহণৰ পৰাই পৃথিৱীৰ ছবি তুলিছে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে যান খনে তোলা পৃথিৱীৰ সেই ছবি ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছে৷ মঙল গ্ৰহৰ পৰা কিউৰিঅ’চিটি ৰভাৰে লোৱা আমাৰ পৃথিৱীৰ ছবিখনে বহুতকে কৌতূহলী কৰি তুলিছে। এই মহা বিশ্বত আমাৰ পৃথিৱী খন তেনেই এটা সামান্য বিন্দুৰ দৰেই উপঙি আছে৷ সেই বিন্দুৰ ভিতৰতেই বাস কৰিছে কোটি কোটি লোকে, চলিছে গাড়ী-মটৰ, কল-কাৰখানা আদিও৷ 


যান খনে তোলা ছবিত পৃথিৱীক এটা বিন্দুৰ দৰেই দেখা গৈছে৷ নাছাই টুইটাৰত ৰভাৰে তোলা ফটোখন পোষ্ট কৰি কয়, “এই আশ্চৰ্যজনক ফটোখন মঙল গ্ৰহৰ পৰা তোলা হৈছিল। হয়, মঙল গ্ৰহ। আৰু সেই বিন্দুটোৱেই আমাৰ সকলোৰে প্ৰিয় পৃথিৱী। ‘ ফটোখন উদ্যোগপতি আনন্দ মহিন্দ্ৰাই পুনৰ টুইট কৰিছিল। তেওঁ টুইটত কয় , “এই ছবিখনে একমাত্ৰ নম্ৰতা শিকায়। ‘উল্লেখ্য কিউৰিঅ’চিটি ৰোভাৰে ২০১৩ চনৰ  ৬ আগষ্টত মঙল গ্ৰহত অৱতৰণ কৰিছিল। তেতিয়াৰে পৰাই যান খনে পৃথিৱীলৈ ৰঙা গ্ৰহটো সম্পৰ্কে নানান অজানা তথ্য তথা ছবি প্ৰেৰণ কৰি আহিছে৷ এইবাৰ  ৰোভাৰ যান খনে  ৰঙা গ্ৰহৰ মাটিৰ পৰা পৃথিৱীৰ ছবি প্ৰেৰণ কৰিলে। নাছাৰ মতে ছবিখন লোৱাৰ সময়ত পৃথিৱীৰ আৰু  ৰঙা গ্ৰহৰ মাজৰ  দূৰত্ব আছিল ১৬০ নিযুত কিলোমিটাৰ।

Leave A Reply