Breaking

গোলাঘাটৰ নাপিত বৃত্তিধাৰী পৰিয়ালক সাহায্য বিধায়িকা অজন্তা নেওগৰ

0 134

গোলাঘাট

হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা প্ৰায় ৩০-৪০ বছৰৰ পূৰ্বে উপাৰ্জনৰ তাগিদাত বিহাৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা ঠাকুৰ উপাধিধাৰী নাপিত বৃত্তিধাৰী লোকসকলক দেওবাৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে দলীয় কৰ্মীসকলৰ সহযোগত সাহায্য প্ৰদান কৰে। লকডাউনৰ ফলত শূনঝ জীৱিকাই একপ্ৰকাৰ দিশহাৰা কৰা এই ১৫০ টা নাপিত পৰিয়াললৈ চৰম দুৰ্যোগ কঢ়িয়াই আনিছিল যদিও বিধায়িকাগৰাকীৰ এনে পদক্ষেপে কিছু সকাহ দিয়ে পৰিয়ালকেইটিক। সাহায্য প্ৰদানৰ সময়ত এই  লোকসকলে বিধায়িকাগৰাকীক আৰ্থিক অনাটনৰ  কথা ব্যক্ত কৰে আৰু বিধায়িকা নেওগে তেওঁলোকৰ দুখৰ সমভাগী হৈ সামৰ্থ অনুযায়ী সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave A Reply