Breaking

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

0 66

ছামচুল হক সেখ, গৌৰীপুৰ

গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে লকডাউনত গৃহবন্দী হৈ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰেচন কাৰ্ড নথকা পৰিয়ালৰ মাজত চৰকাৰে গাইপতি পাঁচ কিলোগ্ৰাম কৈ চাউল যোগান ধৰিছে যদিও দেৱীতোলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰা কাৰ্যই ক্ষোভিত কৰি তুলিছে ৰাইজক। পঞ্চায়ত সভানেত্ৰী আৰু সচিবে ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাৰ বিষয়ে পাকে প্ৰকাৰে স্বীকাৰ কৰে। ৰেচন কাৰ্ড থকা ব্যক্তিৰ মাজত চাউল বিতৰণ কৰাত ক্ষুব্ধ হৈ পৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে। উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তৰ অনিয়ম চৰজমিন তদন্ত কৰিব লৈ চৰকাৰক ৰাইজে দাবী কৰিছে৷

Leave A Reply