গৌৰৱোজ্জ্বলে ৫০ বছৰঃ ‘লেখিকা সংস্থা, অসম’ৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠান

লেখিকা সংস্থা অসম গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। লেখিকা সংস্থা, অসমৰ সোণালী জয়ন্তীৰ তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ৫১ খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়।

সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱা, উদ্যাপন সমিতিৰ সভাপতি মৃদুলা শর্মা, মুখ্য উপদেষ্টা ৰতিপ্রভা গগৈ, হৰপ্রিয়া বাৰুকিয়াল বৰগোহাঞি, উপদেষ্টা যোগমায়া গগৈ, মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ উপৰিও অসমৰ প্ৰতিটো শাখাৰে সভাপতিসকলে একোখনকৈ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে বন্তি প্রজ্বলন আৰু স্মৃতি তর্পন কার্যসূচীত মুখ্য প্রজ্বলকৰূপে অংশ লয় বিশিষ্টা লেখিকা, সমাজ সেৱিকা যুগব্রতা দত্তই। এই দুয়োটা কাৰ্যসূচীৰে আঁত ধৰে উদ্যাপন সমিতিৰ সম্পাদক বিজয়া দেৱদাসে।

পুৱা ১০-৩০ বজাত সোণালী জয়ন্তীৰ অন্তিম দিনাৰ মুখ্য আকৰ্ষণ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অসমৰ যশস্বী অভিনেত্রী চেতনা দাসে। দুপৰীয়া ১-৩০ বজাৰ পৰা সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মামণি গগৈ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখনি উদ্বোধন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াই। ইয়াত মুখ্য অতিথিৰূপে অংশ লৈ বক্তৃতা প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচামে।

অতিথিৰ আসনৰ পৰা বক্তৃব্য ৰাখে আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গায়ক গৌতম শর্মাই। বিশিষ্ট অতিথিরূপে সভাত অংশগ্রহণ কৰে সংস্থাৰ প্ৰাক্তন সভাপতিসকল ক্রমে ৰতিপ্রভা গগৈ, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আৰু মঞ্জুলা শর্মা ভট্টাচার্যই। সন্ধিয়া ৬-৩০ বজাত জুবিন গাৰ্গ সোঁৱৰণী সুৰীয়া সাংস্কৃতিক সন্ধিয়াৰে লেখিকা সংস্থা, অসমৰ সোণালী জয়ন্তীৰ সামৰণি পৰে। এই সাংস্কৃতিক সন্ধিয়াত লেখিকাসকলৰ ভিন্নমুখী প্রতিভাৰে উজ্জীৱিত সন্তানসকলে অনুষ্ঠান পৰিবেশন কৰে।

Related Articles