Breaking

চতিয়াৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ…

0 12

চতিয়াৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ ৷বিগত বৰ্ষৰ ১০ জুলাইতো উদ্ধাৰ হৈছিল বাঘিনীৰ মৃতদেহ ৷

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত কালি দিনৰ ভাগত এজনী প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ হয় ৷প্ৰাপ্ত খবৰ মতে বনকৰ্মীৰ এটা দলে নিয়মীয়া তহল দিয়াৰ সময়ত বাঘজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷লগে লগে দলটোৱে উদ্ধৰ্তন কতৃপক্ষক ঘটনাটোৰ বিষয়ে জনোৱাত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ খগেচ পেগু, বনাঞ্চলিক বিষয়া দেৱজিৎ শইকীয়া বনকৰ্মীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷

বাঘজনীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ উপস্থিত হোৱা পশু চিকিৎসা বিষয়া দীপক শৰ্মাই মৃত বাঘজনীৰ দেহৰ চেম্পল ফৰেনচিক পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে ৷ পশু চিকিৎসক গৰাকীয়ে জনোৱা মতে ৭-৮ বছৰীয়া বাঘজনীৰ মৃতদেহ সম্পুৰ্ণ ৰূপে পচি গৈছে ৷ মৃতদেহ পচি যোৱাত মৃত্যুৰ কাৰণ নিৰ্নয় কৰাত অসুবিধা হৈছে যদিও ফৰেনচিক পৰীক্ষাত মৃত্যুৰ কাৰণ স্পষ্ট হব ৷উল্লেখ্য যে বিগত বৰ্ষৰ ১০ জুলাই ভাটীডুবিৰ সমীপৰ ষষ্ঠসংযোজনৰ ভোজমাৰী চাপৰিত উদ্ধাৰ হৈছিল এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ ৷

একেটা অঞ্চলতে এবছৰৰ ভিতৰত দুজনীকৈ প্ৰাপ্তবয়স্ক বাঘিনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাত শংকিত হৈ পৰিছে সচেতন বন্যপ্ৰানী প্ৰেমী সকল ৷কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাটোত দাতি কাষৰীয়া ৰাইজৰ পোহনীয়া গৰু মহ সমুহে চাৰণ কৰে ৷স্হানীয় সচেতন লোকে আশংকা কৰা মতে হয়টো কোনো অসৎ প্ৰবৃত্তিৰ লোকে বাঘৰ আক্ৰমণৰ পৰা নিজৰ পশুধন ৰক্ষা কৰিবলৈ বিষ প্ৰয়োগ কৰিব পাৰে ৷বাঘিনীজনীৰ মৃত্যু স্বাভাৱিক নে বিষ প্ৰয়োগৰ বাবে হৈছে সেয়া মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে প্ৰকাশ পাব ৷

Leave A Reply