সাংসদ প্ৰদান বৰুৱায়ে ষড়যন্ত্ৰ কৰি চিলাপথাৰত সম জিলাৰ কাৰ্য্যালয় স্থাপন কৰিব লোৱাৰ অভিযোগ তুলি চিচিবৰগাঁও সম জিলাৰ আয়ুক্ত কাৰ্যলয় চিচিবৰগাঁৱতেই স্হাপন কৰিবলৈ যোৱা ২৮ ছেপ্তেম্বৰত আৰম্ভ হোৱা প্ৰতিবাদ কাৰ্যসূচীয়ে অতিক্ৰম কৰিলে প্ৰায় ৪০ টা দিন। অভিনৱ বিভিন্ন ধাৰাবাহিক কাৰ্যসূচীৰ সমান্তৰাল ভাৱে চিচিবৰগাঁও সমজিলাৰ আয়ুক্ত কাৰ্যালয় চিচিবৰগাঁৱত স্থাপনৰ দাবীত কালি চিচিবৰগাঁও গাঁও পঞ্চায়তৰ সভাকক্ষত চিচিবৰগাঁও সমজিলা কাৰ্যালয় দাবী সমিতিৰ আহ্বান মৰ্মে কেইবাটাও জাতীয়, জনগোষ্ঠীয়, ছাত্ৰ সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত হয়।
দাবী সমিতিৰ উপদেষ্টা ভৰত চুতীয়াই সভাপতিত্ব কৰা সভাত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে অংশ লৈ চিচিবৰগাঁও সমজিলা কাৰ্যালয়ৰ দাবী সমিতিৰ দীৰ্ঘদিনীয়া দাবীক পূৰ্ণ সমৰ্থন আগবঢ়ায়। সভাত সদৌ অসম ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, দেউৰী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সংস্থা, টাই আহোম যুৱ পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি মতামত আগবঢ়ায়।
চুতীয়া যুৱ সন্মিলন, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়া, দেউৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰশান্ত দেউৰী, জিলা সমিতিৰ সাধাৰণ সম্পাদক পিংকু দেউৰী, তিৱা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল লস্কৰী, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ ভূঞা, লালুং আঞ্চলিক সমিতিৰ সভাপতি পৰেশ বৰদলৈ, সদৌ অসম ছাত্ৰ সন্থাৰ জিণ্টু ভূঞা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তপন শইকীয়া, টাই আহোম যুৱ পৰিষদৰ জিলা সভাপতি প্ৰবণ হাজৰিকা, সাধাৰণ সম্পাদক মাধৱ লাহন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সভাপতি ভবেন হালৈ, চুতীয়া জাতি সন্মিলন সামাজিক মাধ্যমৰ সম্পাদক গিৰীণ চুতীয়া, গণ অধিকাৰ মঞ্চৰ আহ্বায়ক লক্ষীনাৰায়ণ বৰগোহাঁই, চিচিবৰগাঁও সমজিলা কাৰ্যালয় দাবী সমিতিৰ সভাপতি প্ৰমোদ ভূঞা, সম্পাদক পুলেন চুতীয়া, কাৰ্যকৰী সভাপতি সঞ্জয় ভূঞা, উপদেষ্টা পূৰ্ণচন্দ্ৰ চুতীয়া,নৰেশ্বৰ ভূঞা,ভৰত চুতীয়া, যোগেন ভূঞা, নাৰায়ণ চুতীয়া, ৰাণী গগৈ, কৃষ্ণ ভূঞা,ম ইনা আলী, উপ-সভানেত্ৰী লক্ষ্মীপ্ৰভা ভূঞা, জাতীয়তাবাদী মহিলা পৰিষদৰ ৰেণু ভূঞা, পাহাৰী ভূঞা, বিশিষ্ট ব্যক্তি ৰুদ্ৰ ভূঞা, চিচিবৰগাঁও আঞ্চলিক সচেতন নাগৰিক মঞ্চৰ সভাপতি পৱন চুতীয়া, সমজিলা কাৰ্যালয় দাবী সমিতিৰ সহকাৰী সম্পাদক ধন চুতীয়া, মহন চুতীয়া, সঞ্জিত চুতীয়া, নাজিৰ আহমেদ, ৰিতুপৰ্ণ কলিতা, সদস্য দীপেন ভূঞা আদি উপস্থিত থাকে।
সভাত উপস্থিত থকা বিভিন্নজনে চিচিবৰগাঁও সমজিলা আয়ুক্ত কাৰ্যালয়টো চিচিবৰগাঁৱতে স্থাপন হ’লে চিচিবৰগাঁও সমষ্টিৰ সকলো লোকৰ বাবে সুবিধাজনক হ’ব আৰু চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰা হ’ব বুলি মন্তব্য কৰে। ইফালে সমগ্ৰ বিষয়টোত গুৰুত্ব দি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাইজৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনায়।

