উজনিৰ বানপীড়িতলৈ বিভিন্ন জনৰ সহায়ৰ হাত।
শেহতীয়াকৈ অভিনেত্ৰী সীমা বিশ্বাসেও বানপীড়িতলৈ আগবঢ়ালে সহায়ৰ হাত।
চৰাইদেউ জিলাৰ বানপীড়িতলৈ ১.৫ লাখ টকাৰ সাহায্য ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্ৰী সীমা বিশ্বাসৰ।
চৰাইদেউ জিলা প্ৰশাসনলৈ ১.৫ লাখ টকাৰ সাহায্য আগবঢ়ালে অভিনেত্ৰী সীমা বিশ্বাসে।
মূলতঃ বানত ক্ষতিগ্ৰস্ত লোকক ঘৰুৱা বাচন-বৰ্তন ক্ৰয় কৰাৰ বাবে এই পুঁজি আগবঢ়োৱা বুলি সদৰি কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।

