ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ লক্ষ্যৰে তৰ্ক প্ৰতিযোগিতা, কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

ভৱিষ্যতৰ নাগৰিকসকলক সঠিক দিশে গঢ়ি তোলাৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে কাহিলিপাৰাৰ বৃহত্তৰ দাক্ষিনগাঁও অঞ্চলৰ অৱসৰপ্ৰাপ্ত নাগৰিকসকলে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ, যুক্তিবোধ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ উদ্দেশ্যে বৃহত্তৰ দাক্ষিনগাঁও অৱসৰপ্ৰাপ্ত নাগৰিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক তৰ্ক প্ৰতিযোগিতা।

“ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ কিমান প্ৰয়োজনীয়?” শীৰ্ষক বিষয়ক কেন্দ্ৰ কৰি আয়োজিত এই প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। মোবাইল ফোনৰ ব্যৱহাৰৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ যুক্তিৰে উপস্থাপন কৰি প্ৰতিযোগীসকলে নিজৰ মতামত প্ৰকাশ কৰে। অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ চিন্তাশক্তি, বিশ্লেষণ ক্ষমতা আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকাশত সহায়ক ভূমিকা পালন কৰে।

প্ৰতিযোগিতাৰ অন্তত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰি চলিত বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত অৱসৰপ্ৰাপ্ত নাগৰিকসকলে কয় যে আজিৰ ছাত্ৰ-ছাত্ৰীসকলেই আগন্তুক দিনত দেশৰ সম্পদ আৰু নেতৃত্ব বহন কৰিব। সেয়েহে কেৱল পাঠ্যজ্ঞানেই নহয়, যুক্তিবাদী চিন্তা, নৈতিক মূল্যবোধ আৰু সুস্থ মানসিক বিকাশৰ ক্ষেত্ৰতো শিক্ষাৰ্থীসকলক আগুৱাই নিয়াটো সমাজৰ সকলো শ্ৰেণীৰ দায়িত্ব।

Related Articles