Breaking

টীয়কত আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদ কৰ্মী মাজত মাক্স, ছেনিটাইজাৰ বিতৰণ কৃষি বিপনণ পৰিষদৰ অধ্যক্ষৰ

0 213

টীয়ক

ক’ৰ’ণা ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ অব্যাহত৷ এই জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে আৰক্ষী, স্বাস্থ্যকৰ্মী তথা সংবাদকৰ্মীসকলে৷ এই লোকসকলক কিছু সাৱধানতাৰে নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে সেইসকলক অনাগত দিনত দুগুণ উৎসাহেৰে কামত আত্ম নিয়োগ কৰোৱাৰ উদ্দেশ্যে বৃহত্তৰ টীয়কৰ জৰুৰীকালীন সেৱাত ব্ৰত ব্যক্তিসকলৰ মাজত কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক পৰিবহণৰ নিগমৰ চৌহদত সংবাদকৰ্মীসকলক আৰু টীয়কৰ এফ আৰ ইউত চিকিৎসক-কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰি সামগ্ৰীসমূহ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ হাতত মাস্ক আৰু ছেটিটাইজাৰ বিতৰণ কৰে আৰু সকলোৰে কৃতজ্ঞতা স্বীকাৰ কৰে।

Leave A Reply