ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত উজনিৰ বন্যাৰ্তলৈ বান সাহায্য প্ৰদান কাৰ্যসূচী।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে প্ৰথম কিস্তিৰ ধন।
উজনিৰ বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন সাহায্য চৰকাৰৰ।
চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৭৫ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা।
শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়াললৈ ১৫ হাজাৰকৈ টকা।
আনহাতে ৯ আগষ্টৰ পৰা আৰম্ভ হ’ব বানত ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ জৰীপ।
জৰীপৰ পাছতে মুকলি কৰা হ’ব পুনঃসংস্থাপনৰ পৰৱৰ্তী সাহায্য।
ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত বান সাহায্য প্রদান কার্যসূচী।

