Breaking

ডুমডুমাৰ ন-মেছাকীত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

0 86

পৰাগ গগৈ, ডিৰাক সীমান্ত

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তালাপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মেচাকী বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ন-পথাৰ গাঁৱৰ এজন লোকৰ মৃত্যু হয়৷ মৃদুল শইকীয়া নামৰ লোকজনে বিগত সপ্তাহত হেৰুৱা দুটা গৰু বিচাৰিবলৈ গৈ ন-মেচাকী বনাঞ্চলৰ মাজেৰে থকা গো-বাটেদি আজি বিয়লি ওভতি আহোতেই  বনাঞ্চলত তিনিজনীয়া বন্যহস্তী  জাকৰ সৈতে মুখামুখি হয়। বন্যহস্তীৰ জাকটোৱে তেওঁলোকক বাট আগচি ধৰাত লগত যোৱা কেইজনে কথমপি প্ৰাণলৈ পলায়ন কৰে যদিও মৃদুল শইকীয়া (৪০) নামৰ লোকজনক হাতীৰ জাকটোৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত মৃদুল শইকীয়াই ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়৷ মৃত্যুৰ সময়ত মৃদুল শইকীয়াই দুগৰাকী কন্যাসহ পত্নীক এৰিথৈ যায়৷ শেহতীয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিতহৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে৷

Leave A Reply