ঢকুৱাখনাৰ ৰিভাৰভিউ পাব্লিক স্কুলৰ সপ্তম বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰু অভিভাৱক সন্মিলনৰ সফল সামৰণি: ‘আদৰ্শ অভিভাৱক’ সকলক সম্বৰ্ধনা

ঢকুৱাখনাৰ ১নং থেকেৰাগুৰি, গোবিন্দপুৰস্থিত অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ৰিভাৰভিউ পাব্লিক স্কুলৰ (Riverview Public School) চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰু অভিভাৱক সন্মিলনৰ আজি সফলতাৰে সামৰণি পৰে। যোৱা ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই বৰ্ণাঢ্য অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। ​কাৰ্যসূচী অনুসৰি যোৱা ১৭ নৱেম্বৰৰ পুৱা খাজুৱা নেপালীৰ গাঁওপ্ৰধান ভৰদ্বাজ কুমালে চৌহদ চাফাই আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চম্পা বৰগোহাঁয়ে স্মৃতি তৰ্পণ আৰু বিদ্যালয়খনৰ অধ্যক্ষ ৰাতুল গগৈয়ে পতাকা উত্তোলন কৰে। ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে হাৰ্হি মহাবিদ্যালয়ৰ শৰীৰচৰ্চা প্ৰশিক্ষক ইন্দ্ৰজিৎ দত্তই। প্ৰথম দিনাৰ আন কাৰ্যসূচীসমূহৰ ভিতৰত সদৌ অসম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিনোদ ফুকনে মঞ্চ আৰু সাহিত্য প্ৰতিযোগিতা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য বৰুৱাই প্ৰাচীৰ পত্ৰিকা আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° নৰেন্দ্ৰ নাথ দত্তই প্ৰদৰ্শনী কক্ষ উদ্বোধন কৰে। উক্ত প্ৰদৰ্শনী কক্ষটি সুন্দৰকৈ সজাই তোলাত পল্লবী দিহিঙীয়া, পৰিস্মা বৰুৱা, কৰিস্মা গগৈ, ৰিণা ছেত্ৰী, নিতুল বৰ্মন আৰু গিৰীশ মজিন্দাৰে বিশেষভাৱে সহায় কৰে।


​১৮ আৰু ১৯ নৱেম্বৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি, কবিতা আবৃত্তি, বিহুগীত, বিহুনৃত্য, ঐনিতম, মিচিং নৃত্য, নেপালী নৃত্য আৰু ফেঞ্চি ড্ৰেছ ফেশ্বন শ্ব’ অনুষ্ঠিত হয়। লগতে নিতুল বৰ্মন আৰু মিতালী বৰুৱাৰ পৰিচালনাত তথা বিদ্যালয়খনৰ ব্যৱস্থাপনাত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ শিশু লীলা ‘বৃন্দাবন’ৰ কেইটামান দৃশ্য বিদ্যালয়ৰ প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হয়। ইপিনে ​আজি সামৰণি দিনা পুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত ‘যেয়ে যেনেকৈ পাৰে’ (Go as you like) আৰু অভিভাৱকসকলৰ মাজত পৰম্পৰাগত খাদ্য প্ৰতিযোগিতাৰ লগতে ৰছী টনা (Tug of War) আদি আকৰ্ষণীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১২ বজাত বিদ্যালয়খনৰ অধ্যক্ষ ৰাতুল গগৈয়ে বন্তি প্ৰজ্বলনেৰে মুকলি সভাৰ শুভাৰম্ভ কৰে। নিতুল বৰ্মনৰ ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে মুকলি সভাৰ কাৰ্যসূচী আৰম্ভ হয়।
​হাৰ্হি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° নৱ কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত ‘আদৰ্শ অভিভাৱক’ হিচাপে ভুৱন মোহন গগৈ আৰু কুঞ্জৰাণী কোঁৱৰ গগৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

সভাত বিশিষ্ট অতিথি হিচাপে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন (পেৰা কমাণ্ডো) লোহিত কোঁৱৰ, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰঠাকুৰ আৰু সাংবাদিক পাপু বৰুৱা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাৰ মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিয়লি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভাৰে চাৰিদিনীয়া এই সমাৰোহৰ সফল সামৰণি পৰে।

Related Articles