পশ্চিমবংগত ক্ষমতা সলনি হোৱাৰ পিছত বিদ্ৰোহ দেখা গ’ল। এই বিদ্ৰোহৰ বতাহ পশ্চিমবংগৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ মহাৰাষ্ট্ৰত উপস্থিত হৈছে। উদ্ধৱ ফৈদৰ ছয়জন সাংসদে পক্ষ সলনি হ’ব পাৰে বুলি বৰ্তমান খবৰ ওলাই আছে। দিল্লীত শিৱসেনাৰ সংসদীয় সমিতিৰ বৈঠক আহ্বান। যদিও দলটোৱে বহু সাংসদৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছে, তথাপিও উদ্ধৱ ফৈদৰ সাংসদসকলে বিদ্ৰোহ কৰি আজি লোকসভাত অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিব পাৰে বুলিও খবৰ ওলাইছে।
এতিয়া তোলপাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতি, উদ্ধৱ থাকৰেৰ শিৱসেনাত পুনৰ ফাঁট মেলিব বুলি উৰাবাতৰি ওলাই আছে। উদ্ধৱ থাকৰে গোটৰ ৯ সাংসদৰ ৬গৰাকী সাংসদৰে দিল্লীত বাহৰ ৬ বিদ্রোহী সাংসদে আজিয়েই যোগ দিব পাৰে একনাথ সিন্দেৰ শিৱসেনাত। দিল্লীত আজি একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেৰ ঘৰত বৈঠক একনাথ সিন্দেই সাক্ষাৎ কৰিব উদ্ধৱ থাকৰে গোটৰ ৬ সাংসদক। এই বৈঠকৰ পাছতে লোকসভাৰ অধ্যক্ষক শিৱসেনা UBTৰ ৬ সাংসদে দিব ‘অসন্তুষ্টিৰ পত্ৰ’।
আনহাতে শিৱসেনাৰ ভিতৰত বিভাজনৰ জল্পনা-কল্পনাৰ মাজতে দলৰ সাংসদ সঞ্জয় ৰাউতে কয় যে যদি কোনোবাই যাব বিচাৰে তেন্তে পদত্যাগ কৰিব পাৰে। আমাৰ সাংসদসকলৰ বিষয়ে যদি এনে খবৰ ওলাই আছে, তেন্তে তেওঁলোকে সেইবোৰ অস্বীকাৰ কৰা উচিত। এইবাৰ মনে মনে নাথাকিব মহাৰাষ্ট্ৰৰ জনসাধাৰণ।

