Breaking

দশম শ্ৰেণীত কিমান নম্বৰ পাইছিল ঋষিপুত্ৰই? কাপুৰ পৰিয়ালৰ তেওঁৱেই শিক্ষিত!

0 202

কাপুৰ পৰিয়াল। বলীউড আৰু কাপুৰ পৰিয়াল যেন এটা মুদ্এৰাৰ ইপিঠি-সিপিঠি। কাপুৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ শোণিতৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত অভিনয় প্ৰীতি। বিগত ৪টা প্ৰজন্মই ধাৰাবাহিকভাৱে চলচ্চিত্ৰ জগতত ৰাজত্ব কৰি আহিছে কাপুৰ পৰিয়াল। পিছে এই কাপুৰ পৰিয়ালৰ সদস্যসকলৰ অধ্যয়নৰ দৌৰ কিমান? শেহতীয়াকৈ ৰণবীৰ কাপুৰে এই কথা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, ৰণবীৰ কাপুৰে কাপুৰ পৰিয়ালৰ প্ৰথম সদস্য যিয়ে দশম শ্ৰেণীৰ দেওনা অতিক্ৰম কৰিছে। শুনিবলৈ আশ্বৰ্যকৰ যেন লাগিলেও কিন্তু এই কথা সত্য। অৱশ্যে, এই কথা ৰাজ কাপুৰৰ নাতিয়ে নিজে স্বীকাৰ কৰিছে। ৰণবীৰে শেহতীয়াকৈ, ‘ছামছেৰা’ৰ প্ৰম’চনৰ সময়ত ইনষ্টাগ্ৰাম ইনফ্লুৱেনছাৰ ডলী সিঙৰ সৈতে ছবিখনৰ প্ৰচাৰক কেন্দ্ৰ কৰি আড্ডা দিছিল। তাত অভিনেতাগৰাকীয়ে ‘ডলী কী মমী’ৰ হাজাৰ হাজাৰ প্ৰশ্নৰ উত্তৰ দিছিল। 


তেওঁক সোধা হৈছিল, দশম শ্ৰেণীৰ পিছত কি বিষয় লৈ পঢ়া-শুনা কৰিছিল? উত্তৰত ৰণবীৰে একাউণ্ট (কমাৰ্চ)ৰ বিষয়ে ক’লে। অধ্যয়নত কেনেকুৱা আছিল? এনে এটা প্ৰশ্নত তেওঁ অকপটে স্বীকাৰ কৰি কয়, ‘একেবাৰে ভাল নাছিলো, এজন দুৰ্বল ছাত্ৰ আছিলো।’ 
দশম শ্ৰেণীৰ পৰীক্ষাত ঋষিপুত্ৰই কিমান নম্বৰ পাইছিল? ঈষত হাঁহিৰে ঋষিপুত্ৰ কয়, ‘৫৩.৪ শতাংশ।’ ৰণবীৰে লগতে আৰু কয় যে, ‘যেতিয়া ফলাফল ওলাইছিল তেতিয়া পৰিয়ালৰ সকলোৱে ইমানেই সুখী হৈছিল যে পাৰ্টী দিয়া হৈছিল। যিটো মই আশা কৰাই নাছিলো। ৰণবীৰৰ ভাষাত ক’বলৈ গ’লে ‘পৰিয়ালৰ ভিতৰত মই প্ৰথমজন সদস্য যিয়ে দশম শ্ৰেণীৰ সীমা অতিক্ৰম কৰিছো।’

ইয়াৰ পূৰ্বে পিটিআইক দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে কৈছিল যে, তেওঁৱে পৰিয়ালৰ ভিতৰতে আটাইতকৈ বেছি শিক্ষিত ব্যক্তি। ৰণবীৰৰ কথাত , তেওঁৰ পিতৃ অষ্টম শ্ৰেণী উত্তীৰ্ণ, জেঠায়েকনাইন পাছ, ককাদেউতা ছিক্স পাছ। বিদ্যালয়ৰ সীমা অতিক্ৰম কৰাৰ পিছত ৰণবীৰে অভিনয় শ্ৰেণীত যোগদান কৰি বলীউডত ভৰি দিলে। প্ৰসংগক্ৰমে ২২ জুলাইত মুক্তি পাব ৰণবীৰ কাপুৰৰ নতুন ছবি ‘ছামছেৰা’।

Leave A Reply