Breaking

দুহাজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ; আপোনাৰ ওচৰত থকা ২ হাজাৰ টকাৰ নোটখন আপুনি কেনেদৰে সলনি কৰিব ? হাতত কিমান দিন আছে ?

0 109

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) ২,০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছে৷

এতিয়া প্ৰশ্নটো হ’ল, লগত থকা ২,০০০ টকাৰ নোটবোৰৰ কি হ’ব? আৰবিআইয়ে ২,০০০ টকাৰ নোট বিনিময়ৰ নিয়মো ঘোষণা কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কৈছে যে ২,০০০ টকাৰ নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ থাকিব। 

৩০ ছেপ্টেম্বৰৰ আগতে বেংকত ২ হাজাৰ টকীয়া নোট সলনি কৰিব পাৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) কৈছে যে মে মাহৰ ২৩ তাৰিখৰ পৰা যিকোনো বেংকত ২,০০০ টকাৰ নোট সলনি কৰিব পাৰিব।

অৱশ্যে, একেবাৰতে ২ হাজাৰ টকাৰ নোটত ২০ হাজাৰ টকাৰ অধিক সলনি কৰিব নোৱাৰি।

আপোনাৰ সুবিধাৰ বাবে ৩০ ছেপ্টেম্বৰলৈ এই সুবিধা উপলব্ধ হ’ব।

Leave A Reply