Breaking

দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা সম্পন্ন…

0 2,216

আজি দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ আজাদী কা অমিত মহোৎসৱৰ লগত সংগতি ৰাখি হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কত সচেতনতা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিদ্যালয় খনৰ আন্তগাঠনী তথা শৈক্ষিক দিশটো কিছু আলোচনা অনুষ্ঠিত হয় ৷ সভা খনত সভাপতিত্ব কৰে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুহী কান্ত বৰুৱাই ৷ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে কাৰ্বিআংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য মুকুট মহন্ত ৷

লগতে উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ সমাজ কৰ্মী ডম্বৰুধৰ গগৈ, সুলভ মহন্ত আৰু তিনিখন গাৱঁৰ চৰকাৰী গাওঁ বুঢ়া ক্ৰমে প্ৰদীপ বৰুৱা, অৰ্খীত তাঁতী, দিপক চৰেন ৷ জানিব পৰামতে প্ৰায় শতাধিক লোক উপস্থিত থকা ৰাজহুৱা সভাতেই কাৰ্যবাহী সদস্য মুকুট মহন্তক বিদ্যালয়ৰ তৰফৰ পৰা এক ৰাজহুৱা ভাৱে সম্বন্ধনা জনোৱা হয় ৷ উল্লেখ্য যে দেওপানী উচ্চ মাধ্যমিক বিদ্যালয় খনৰ আন্তগাঠনীৰ বাবদ স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে ঐতিহাসিক দেওপানী শিৱ মন্দিৰলৈ পাচঁ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি সভাত কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

Leave A Reply